Rupaliparda.com
সত্ৰীয়া নৃত্য ক্ষেত্ৰৰ এক চিনাকী ও সফল নামঃ যতীন গোস্বামী 1

সত্ৰীয়া নৃত্য ক্ষেত্ৰৰ এক চিনাকী ও সফল নামঃ যতীন গোস্বামী

সাত বছৰ বয়সৰ পৰা একান্ত মনে সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লোৱা অসমীয়া এগৰাকী শিল্পী হৈছে যতীন গোস্বামী। দেউতাকৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰা এই গৰাকী শিল্পীয়ে আজীৱন সত্ৰীয়া নৃত্যৰ সৈতেই জড়িত হৈ পৰিছে। এই গৰাকী শিল্পীৰ নাম হৈছে যতীন গোস্বামী। নৃত্যৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা তথা ভক্তিৰ বাবে যতীন গোস্বামীয়ে নিজ ২০ বছৰ বয়সত ১৯৪৩ চনত দেৰগাঁৱত নৃত্য চৰ্চাৰ বাবে “আলোক সংঘ” নামে এটি অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল। কালক্ৰমত, যতীন গোস্বামী বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্যলৈ আহে আৰু জ্ঞান আহৰণ কৰে নৃত্যৰ ব্যৱহাৰিক আৰু নান্দনিক দিশৰ।

সত্ৰীয়া নৃত্য ক্ষেত্ৰৰ এক চিনাকী ও সফল নামঃ যতীন গোস্বামী 2


১৯৫৪ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ যোৰহাটৰ জে.বি কলেজত নাম লগাইছিল যদিও পাঠ্যক্ৰমৰ শিক্ষা আধাতে এৰি তেওঁ গুৰু গণেশ হীৰালালৰ ওচৰত শাস্ত্ৰীয় আৰু কথক নৃত্য শিকিবলৈ জয়পুৰৰ ৰাজস্থানত উপস্থিত হৈছিলগৈ। ইয়াৰ পিছতে, ১৯৬১ চনত মণিপুৰী নৃত্য শিকে হাওবাম আতম্বাৰ ওচৰত শিকাৰ পৰিৱৰ্তে যতীন গোস্বামীয়ে লোক নৃত্যৰ শিক্ষা গ্ৰহণ কৰে শোণিতপুৰ জামুগুৰিহাটৰ গজেন বৰুৱাৰ পৰা। যতীন গোস্বামীক নৃত্যৰ নান্দনিক দিশসমূহৰ শিক্ষা প্ৰদান কৰে নৃত্য বিষাৰদ তথা “ৰুণুমী” ছবিখনৰ পৰিচালক সুৰেশ গোস্বামীয়ে। সত্ৰীয়া নৃত্য ভালকৈ শিকাৰ মানসেৰে যতীন গোস্বামী কাষ চাপে কমলাবাৰী সত্ৰৰ সংগীত নাটক অকাডেমী বঁটা বিজয়ী মণিৰাম দত্ত মুক্তিয়াৰ আৰু ৰসেশ্বৰ শইকীয়াৰ; য’ত তেওঁ লগ পাই বিষ্ণুপ্ৰসাদ ৰাভাক আৰু সত্ৰীয়া সংস্কৃতিৰ চৰ্চা কেন্দ্ৰ “প্ৰাগজ্যোতি কলা পৰিষদ” নামৰ এটি অনুষ্ঠানৰ জন্ম দি অসমৰ বিভিন্ন ঠাইত সত্ৰীয়া নৃত্য পৰিৱেশন কৰি যতীন গোস্বামীয়ে জনপ্ৰিয়তা লাভ কৰে।

সত্ৰীয়া নৃত্য ক্ষেত্ৰৰ এক চিনাকী ও সফল নামঃ যতীন গোস্বামী 3


ইয়াৰ উপৰিও যতীন গোস্বামীৰ প্ৰতিভা দেখি ড° ভূপেন হাজৰিকাই তেওঁৰ ছবি “চিকমিক বিজুলী” আৰু মঞ্জু বৰাই তেওঁৰ ছবি “লাজ” ত যতীন গোস্বামীক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিবলৈ সুবিধা প্ৰদান কৰে। দেশ-বিদেশৰ বিভিন্ন ঠাইত সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি যতীন গোস্বামীয়ে অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ উপৰিও তেওঁৰ নৃত্যৰ দল ভাৰতৰ আটাইতকৈ সন্মানীয় নৃত্য মহোৎসৱ খাজুৰাহু শাস্ত্ৰীয় নৃত্য মহোৎসৱলৈ যোৱাৰো সুবিধা লাভ কৰে। নৃত্যনাটিকা ৰচনা কৰাৰ উপৰিও সেইবোৰ তেওঁ অতি সফলতাৰে পৰিচালনা কৰি আহিছে নটৰাজ, অসন ষ্টাৰ, পূৰ্বজ্যোতি, মঞ্চৰূপা, ভাগ্যদেৱী, কহিনুৰ, হেঙুল, আৰধনা, শ্ৰী মন্ত শংকৰদেৱ থিয়েটাৰত। শিৱসাগৰ শংকৰী বিদ্যাপীঠে যতীন গোস্বামীক “নৃত্যাচাৰ্য’ বঁটা প্ৰদান কৰাৰ লগতে সংগীত নাটক অকাডেমী বঁটা আৰু পদ্মশ্ৰী সন্মানো লাভ কৰে তেওঁ। দিল্লী দূৰদৰ্শনৰ সত্ৰীয়া সংগীত অনুষ্ঠান প্ৰদৰ্শন কৰা প্ৰথম অসমীয়া শিল্পী হৈছে যতীন গোস্বামী।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.