আহি আছে এন.কে প্ৰডাকচনৰ “জানমণি”। অভিনেত্ৰী শ্যামন্তিকা নহয়; থাকিব দিগাংগনা বৰা। নৱাগতা এই গৰাকী অভিনেত্ৰীয়ে এতিয়াৰ পৰাই দৰ্শকৰ মনত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে; নতুন “জানমণি” জনীক চাবলৈও উৎসাহিত হৈ পৰিছে দৰ্শক সকল। ২০০২ চনত ছিপাঝাৰত জন্মগ্ৰহণ কৰা দিগাংগনাৰ এইখনেই হৈছে অভিনয় জীৱনৰ প্ৰথমখন ছবি। চলিত বৰ্ষৰ ৩ এপ্ৰিলত মুক্তি লাভ কৰিবলগীয়া “জানমণি” ক লৈ এই গৰাকী অভিনেত্ৰী বৰ্তমান যথেষ্ট আশাবাদী।

ৰূপালীপৰ্দাৰ দেওঁবৰীয়া বিশেষত নৱাগতা দিগাংগনা বৰাৰ সৈতে আমি পাতিছিলো কিছু কথা। জানিছিলো নতুনকৈ অহা “জানমণি” জনীৰ মনৰ কথা। গতিকে, নতুন “জানমণি” দিগাংগনাৰ সাক্ষাৎকাৰ চাওঁক এক্সক্লুছিভলি ৰূপালীপৰ্দাতঃ
প্ৰশ্নঃ “জানমণি” ৰ চৰিত্ৰটোৰ কথা ক’লেই দৰ্শকে অভিনেত্ৰী শ্যামন্তিকাৰ কথা মনলৈ আনে। তেনেক্ষেত্ৰত, নতুন “জানমণি” জনীয়ে দৰ্শকৰ সঁহাৰি লাভ কৰিব বুলি তুমি ভাৱানে??

দিগাংগনা- মই আশা কৰো যে অসমৰ ৰাইজে মোক “জানমণি” হিচাপে আদৰি লওঁক। শ্যামন্তিকা বায়ে জানমণিক নিজৰ উশাহ দি জীয়াই গৈছে| তেখেতৰ জানমণি ৰ অভিনয় চাই মই আজিও অভিভূত হওঁ | সেয়ে তেখেতৰ সমান যে কৰিব পাৰিম, সেয়া ভবাও ভুল | নিজৰ ফালৰ পৰা যিমান পাৰো চেষ্টা কৰিছো চৰিত্ৰটোক পুংখানুপুংখভাৱে ৰূপায়ন কৰিবলৈ আৰু বিশেষকৈ অসমৰ ৰাইজৰ সেই জানমণিক পুনৰ বাৰ তেওঁলোকৰ মাজত নতুন ৰূপেৰে ঘূৰাই আনিবলৈ; ইয়াৰ পিছত বাকী সকলোবোৰ দৰ্শকৰ ওপৰত। মোৰ একান্ত কামনা, অসমে এই নতুন জানমণি জনীকো আগৰ দৰেই মৰম দিয়ক |
প্ৰশ্নঃ “অভিনয়” কৰিবলৈ প্ৰেৰণা ক’ৰ পৰা পাইছা?? অভিনয় এৰি আন কোনো হবি আছেনে??

দিগাংগনা – অভিনয় কৰি ভাল লাগে। সেয়ে স্কুল- কলেজৰ বাৰ্ষিক সমাৰোহ আৰু আমাৰ অঞ্চলৰ বিভিন্ন অনুষ্ঠানত অভিনয় কৰিছিলো | সৰুৰ পৰাই ইচ্ছা আছিল চিনেমাত অভিনয় কৰাৰ, কিন্ত এনেকৈ যে এন কে প্ৰডাকচনৰ বেনাৰত অভিনয় কৰিবলৈ পাম মই কেতিয়াও কল্পনাও কৰা নাছিলো | ইয়াৰ বাবে এন কে প্ৰডাকচনৰ ওচৰত মই সদায় ঋণী । ৰূপালীপৰ্দাৰ জৰিয়তে মই আমাৰ ছবিখনৰ সৈতে জড়িত কৰ্মকতাক ধন্যবাদ জ্ঞাপন কৰিছো।
আনহাতে, অভিনয়ৰ বাদে মই গান গাই ভাল পাওঁ | কিন্তু এয়া কেৱল চখৰ বাবেহে দেই |
প্ৰশ্নঃ তোমাৰ জোকোৱা নাম কিবা আছে নে??

দিগাংগনা- উমমম… জোকোৱা নাম নথকা নহয়;আছে। কিন্তু এতিয়া ক’বলৈ লাজ পাইছো। হ’ব দিয়ক; পিছলৈ মই নিজেই আপোনালোকক জনাই দিম।
প্ৰশ্নঃ অসমীয়া ছবি ক্ষেত্ৰখনৰ কোন কোন তোমাৰ প্ৰিয় অভিনেতা/ অভিনেত্ৰী?? কাৰ সৈতে একেখন মঞ্চত অভিনয় কৰাৰ ইচ্ছা?

দিগাংগনা- অসমীয়া ছবি ক্ষেত্ৰখনৰ প্ৰায় সকলোৰে অভিনয় চাই ভাল পাওঁ | কিন্তু বৰষা ৰাণী বিষয়া বাৰ অভিনয় মোৰ বিশেষভাবে ভাল লাগে । সেয়ে তেওঁৰ সৈতে একেলগে এবাৰ হ’লেও কাম কৰা বা একেখন মঞ্চ ভাগ কৰাৰ ইচ্ছা আছে |
প্ৰশ্নঃ “জানমণি” ৰ পিছত অইন বেলেগ প্ৰজেক্ট আছে নে??
দিগাংগনা- কিছু কামৰ খবৰ আহিছে । কিন্তু যিহেতু 3 এপ্ৰিলত “জানমণি”এ মুক্তি পাবলৈ গৈ আছে, গতিকে এতিয়া কেৱল মই এই ছবিখনৰ কামতেই ব্যস্ত হ’ব বিচাৰিছো। ছবিখন মুক্তি লাভ কৰাৰ পিছত আন সকলোবোৰ কথা ভাৱিম।

… দিগাংগনা, ধন্যবাদ। তুমি বৰ সুন্দৰকৈ নিজৰ উত্তৰ বোৰ দিলা। আগন্তুক ছবিখন তথা তোমাৰ সকলোবোৰ কামৰ বাবেই ৰূপালীপৰ্দাৰ ফালৰ পৰা মই তোমাক শুভকামনা জনাইছো।
দিগাংগনাঃ ধন্যবাদ বা।
Add comment