এগৰাকী শিশু অভিনেতাৰ ৰূপে এই ক্ষেত্ৰখনত খোজ পেলোৱা অভিনেতা আমিৰ খান বৰ্তমান সমগ্ৰ বিশ্বৰ বাবে “Mr Perfectionist” হৈ পৰিছে। ছবি ক্ষেত্ৰখনত তথা এই পৃথিৱীত হৈ থকা সলনি সমূহক স্বীকাৰ কৰি কৰা আমিৰ খানৰ প্ৰত্যেকখন ছবিয়ে হৈছে ইখনতকৈ সিখন হিট। অভিনেতাগৰাকীয়ে তেওঁৰ প্ৰথম ছবি “কয়ামত চে কয়ামত তক” ৰ পৰাই সফলতা বুটিবলৈ সক্ষম হৈছিল যদিও মাজৰ সময়ছোৱাত তেওঁৰ কেইবাখনো ছবিয়ে ভাল ফলাফল দেখুৱাবলৈ অসক্ষম হৈছিল। বৰ্তমান অৱস্থাত আমিৰ খান ছবি ক্ষেত্ৰখনৰ এক হীৰা স্বৰূপ হৈ পৰিছে; তেওঁ কৰা এতিয়া প্ৰত্যেকখন ছবিয়েই হৈছে চুপাৰহিট।

১৯৬৫ চনত জন্মগ্ৰহণ কৰা এইগৰাকী বলীউডৰ চুপাৰষ্টাৰৰ আজি ৫৫ সংখ্যক জন্মদিন। তেওঁৰ জন্মদিনত ৰূপালীপৰ্দাৰ ফালৰ পৰা শুভকামনা জ্ঞাপন কৰাৰ লগতে তেওঁৰ বিষয়ে জানো আহক কেইটিমান নজনা কথাঃ

১. শ্বাহৰুখ খানে য়শ চোপ্ৰাৰ এখন ছবি “দৰ” ত ঋণাত্মক চৰিত্ৰ এটি ৰূপায়ন কৰিছিল। এই চৰিত্ৰটো প্ৰথমে দিয়া হৈছিল আমিৰ খানক; কিন্তু কোনো কাৰণবশতঃ তেওঁ ছবিখন কৰিবলৈ অমান্তি হৈছিল।
২. প্ৰথম অৱস্থাত এগৰাকী একটিভ ব্যক্তি আছিল অভিনেতা আমিৰ খান; তেওঁ এগৰাকী ষ্টেট চেম্পিয়নো আছিলে। সেইবাবেই তেওঁ এই খেলটো পচন্দ কৰাৰ লগতে তেওঁ ভালপোৱা খেলুৱৈ গৰাকী হৈছে ৰোজৰ ফেডৰৰ।

৩. বলীউডত ১০০, ২০০, ৩০০ কোটি টকীয়া বস্ক অফিচ কালেকচনৰ সংস্থাপক বুলি কোৱা হয় আমিৰ খানক। “গজনী” ৰ পৰা আৰম্ভ কৰি “ডংগল” লৈ এই ধাৰা অব্যাহত আছে।
৪. আমিৰ খানৰ ভাললগা বলীউড অভিনেতা হৈছে দিলীপ কুমাৰ আৰু হলীউড অভিনেতা হৈছে অস্কাৰপ্ৰাপ্ত ডেনিয়ল ডে-লুইস।

আমিৰ খানক আগন্তুক ছবি “লাল সিং চড্ডা” ত দেখিবলৈ পোৱা যাব। চলিত বৰ্ষৰ ২১ ডিচেম্বৰ তাৰিখে মুক্তি লাভ কৰিব উক্ত ছবিখন।
Add comment