Rupaliparda.com
নিশিতা গোস্বামীৰ সপোন "বেদম"- মলয়া গোস্বামীয়ে দিব অভিনয়ৰ শিক্ষাঃ 1

নিশিতা গোস্বামীৰ সপোন “বেদম”- মলয়া গোস্বামীয়ে দিব অভিনয়ৰ শিক্ষাঃ

কিছুদিন পূৰ্বে দেখা এটা সপোনক দিঠকত প্ৰতিষ্ঠিত কৰিবলৈ আগবাঢ়ি আহিছে অভিনেত্ৰী মলয়া গোস্বামীৰ জীয়ৰী ও বৰ্তমান সময়ৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী। অভিনয়ৰ প্ৰতি মন মেলা একাংশ ছাত্ৰ-ছাত্ৰীক অভিনয়ৰ শিক্ষা দিবলৈ নিশিতা গোস্বামীয়ে আৰম্ভ কৰিছে “বেদম” নামে এক অভিনয়ৰ শিক্ষা প্ৰতিষ্ঠান। আগন্তুক ১ তাৰিখৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিষ্ঠান খনৰ আজি এখন বিষ্ণুপূজাৰে শুভাৰম্ভ কৰা হৈছে। প্ৰতিষ্ঠানখনৰ বিভিন্ন কথা প্ৰকাশ কৰি অভিনেত্ৰী নিশিতা গোস্বামীয়ে ফেচবুক লাইভ যোগে দৰ্শকক জানিবলৈ দিয়ে “বেদম” ৰ বিষয়ে।

নিশিতা গোস্বামীৰ সপোন "বেদম"- মলয়া গোস্বামীয়ে দিব অভিনয়ৰ শিক্ষাঃ 2


বহুকেইজন প্ৰতিষ্ঠিত পৰিচালক, অভিনেতা আৰু অভিনয় প্ৰশিক্ষকৰ লগতে মলয়া গোস্বামীয়ে নিজেই এই প্ৰতিষ্ঠান খনত ছাত্ৰ-ছাত্ৰী সকলক অভিনয়ৰ শিক্ষা প্ৰদান কৰিব। গুৱাহাটীস্থিত বেলতলাত আৰম্ভ হ’বলীয়া এই প্ৰতিষ্ঠানখনত টেলিভিছনকে আদি কৰি থিয়েটাৰত কৰা অভিনয়ৰো প্ৰশিক্ষণ দিয়া হ’ব।

নিশিতা গোস্বামীৰ সপোন "বেদম"- মলয়া গোস্বামীয়ে দিব অভিনয়ৰ শিক্ষাঃ 3
নিশিতা গোস্বামীৰ সপোন "বেদম"- মলয়া গোস্বামীয়ে দিব অভিনয়ৰ শিক্ষাঃ 4


উল্লেখ্য যে, অসমীয়া চলচিত্ৰ জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হৈছে নিশিতা গোস্বামী। ৬০-৭০ দশকৰ অসমীয়া চলচিত্ৰ জগতৰ খ্যাতনামা অভিনেত্ৰী মলয়া গোস্বামী তথা তেওঁৰ মাতৃৰ পৰাই অভিনয় ক্ষেত্ৰখনৰ লগত চিনাকী হোৱা নিশিতা গোস্বীমাক ৬ বছৰ বয়সতে দেখিবলৈ পোৱা গৈছিল “ৰাতি ফুলা ফুল” চিনেমাখনত। তাৰ পিছতেই ২০০২ চনত বাণী দাসৰ দ্বাৰা পৰিচালিত ছবি “মন” ৰ পৰাই অভিনেত্ৰীগৰাকীৰ অভিনয়ৰ অনুৰাগী হৈ পৰে সমূহ দৰ্শক। মন, কাদম্বৰী, চুৰেণ চোৰৰ পুতেক, অধিনায়ক, মন যায়, ৰং, দীনবন্ধু, অস্তৰাগ, ধন কুবেৰৰ ধন, ৰামধেনু, ৰিচাং, মনে মোৰ কইনা বিচাৰে, জিলমিল জোনাক আৰু বিগত বছৰত মুক্তি প্ৰাপ্ত ছবি “ৰত্নাকৰ” ত অভিনীত এই গৰাকী অভিনেত্ৰীয়ে অসমীয়া চলচিত্ৰ জগতত নিজৰ খুঁতি মজবুত কৰি থৈছে। নিশিতা গোস্বামীক বৰ্তমান ৰেঙণিযোগে সম্প্ৰচাৰিত ধাৰাবাহিক “বেহাৰবাৰী আউটপোষ্ট” ত দেখিবলৈ পোৱা যায়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform