Rupaliparda.com
এগৰাকী অসমীয়াই আকৌ এবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত বুটলিছে প্ৰশংসাঃ "অসুৰ" ত আছে এগৰাকী অসমীয়া- 1

এগৰাকী অসমীয়াই আকৌ এবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত বুটলিছে প্ৰশংসাঃ “অসুৰ” ত আছে এগৰাকী অসমীয়া-

মুম্বাই প্ৰতিষ্ঠা লাভ কৰিছে বৰ্তমান অসমীয়া কেইবা গৰাকীও অসমীয়া শিল্পী। নিজ কৰ্মৰে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছে এওঁলোকে। পাপন, ঋতৃষা, অনুৰাগ শইকীয়া, কিংশুক মৰাণকে আদি কৰি বিভিন্ন জন অসমীয়াই বৰ্তমান গৌৰম্বান্বিত কৰি ৰাখিছে সমগ্ৰ অসমবাসীক। এনে অসমীয়াৰ ভিতৰত বৰ্তমান হিন্দী চলচিত্ৰ জগতত চিনাকী হৈ পৰিছে আন এক নাম। তেওঁৰ নাম হৈছে বন্দীপ শৰ্মা। “ৱুট” নামে এটা জনপ্ৰিয় এপত প্ৰচাৰিত এখন ৱেব চিৰিজ “অসুৰ” ত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখিবলৈ পোৱা গৈছে বন্দীপ শৰ্মাক। ইয়াৰ পূৰ্বে এই অভিনেতাগৰাকীয়ে কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত সুশান্ত সিং আৰু শ্ৰদ্ধা কাপুৰ অভিনীত ছবি “ছিছোৰে” ত অভিনয় কৰিছিল।

এগৰাকী অসমীয়াই আকৌ এবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত বুটলিছে প্ৰশংসাঃ "অসুৰ" ত আছে এগৰাকী অসমীয়া- 2


শিলপুখুৰী মহৰ্ষি বিদ্যা মন্দিৰৰ পৰা শিক্ষাগ্ৰহণ কৰা বন্দীপে মুম্বাইৰ কেইবাখনো চুটি ছবিত অভিনয় কৰাৰ উপৰিও মুম্বাইৰ থিয়েটাৰ গ্ৰুপৰ সৈতেও জড়িত হৈ আছে। উল্লেখ্য যে, উক্ত ৱেব চিৰিজ খনৰ দ্বাৰাই “ৱুট”-এ প্ৰিমিয়াৰ ক্ষেত্ৰখনত ভৰি দিয়ে। এতিয়া “ৱুট” ত যদি কোনো লোকে ওৱেব চিৰিজ চাবলৈ বিচাৰে তেনেহ’লে ইয়াত নিৰ্দ্দিষ্ট এটা টকাৰ অন্তৰ্ভূক্তি কৰিব লাগিব। আনহাতে, “অসুৰ” ৰ দ্বাৰাই পোন প্ৰথমবাৰ বাবে ৱেব চিৰিজত দেখিবলৈ পোৱা গৈছে অৰশদ বাৰসীক। “অসুৰ” ৰ সন্দৰ্ভত যেতিয়া অভিনেতা গৰাকীয়ে ৰাষ্ট্ৰীয় ক্ষেত্ৰৰ সংবাদ মাধ্যমত সাক্ষাৎকাৰ দিছিল তেতিয়া তেওঁ কৈছিল যে,

এগৰাকী অসমীয়াই আকৌ এবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত বুটলিছে প্ৰশংসাঃ "অসুৰ" ত আছে এগৰাকী অসমীয়া- 3


“এগৰাকী অভিনেতা হিচাপে আমি সদায় কিবা এটা ব্যতিক্ৰম কৰিব বিচাৰো। মই এইটো কাম বেয়া পাওঁ; যিয়ে দৰ্শকক মনোৰঞ্জন নকৰাই। যিয়ে কাম নহওঁক কিয় সেইটো কামে মানুহক উৎসাহিত কৰোৱাব লাগে; শংকিত নহয়। মই যিটো কাম বৰ্তমান কৰিছো; সেয়া এক বেলেগ পৰ্যায়ৰ কাম। মই নিজৰ জীৱনত এনেকুৱা একো কৰা নাই এতিয়ালৈ।”

এগৰাকী অসমীয়াই আকৌ এবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত বুটলিছে প্ৰশংসাঃ "অসুৰ" ত আছে এগৰাকী অসমীয়া- 4


মন কৰিবলগীয়া যে, এগৰাকী প্ৰতিভাৱান বলীউড অভিনেতাৰ সৈতে বন্দীপ শৰ্মাই কৰা কামে বৰ্তমান প্ৰশংসা বুটিবলৈ সক্ষম হৈছে দৰ্শকৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform