Rupaliparda.com
"ৰঘুপতি" ক লৈ ব্যস্ত বৰ্তমান ৰবি শৰ্মাঃ হায়দৰাবাদত কৰিব "একছন"- 1

“ৰঘুপতি” ক লৈ ব্যস্ত বৰ্তমান ৰবি শৰ্মাঃ হায়দৰাবাদত কৰিব “একছন”-

চলিত বৰ্ষত দৰ্শকৰ মাজত আলোড়ন তুলিবলৈ প্ৰস্তুত হৈছে এখন আগন্তুক অসমীয়া ছবি “ৰঘুপতি”। সকলো ফালৰ পৰা প্ৰত্যেকটো বস্তুৰ পুংখানুপুংখ বিচাৰ কৰি দৰ্শকক আকৰ্ষণৰ চেষ্টা কৰিছে এই ছবিখনে। ৯ অক্টোবৰ তাৰিখে মুক্তি পাবলগীয়া এই ছবিখনৰ মুক্তিক লৈ বৰ্তমান উৎসাহী হৈ পৰিছে অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শক। উক্ত ছবিখনৰ কেতবোৰ দৃশ্যত হোৱা খৰচৰ মূল্যই হৈছে প্ৰায় ৩ লাখ টকা। তৃষ্ণা মোছন পিকচাৰ্ছৰ দ্বাৰা নিবেদিত এই ছবিখনৰ চিত্ৰনাট্য আৰু পৰিচালনা হৈছে সুব্ৰত কাকতিৰ। গুৱাহাটী, গোলাঘাট তথা বঙাইগাঁও আদিৰ বিভিন্ন লোকেশ্বনত দৃশ্যগ্ৰহণৰ কাম চলা এই ছবিখনৰ একছন দৃশ্য সমূহৰ শ্বুটিং কৰা হ’ব হায়দৰাবাদত।

"ৰঘুপতি" ক লৈ ব্যস্ত বৰ্তমান ৰবি শৰ্মাঃ হায়দৰাবাদত কৰিব "একছন"- 2
https://www.instagram.com/p/B9qLxFIHgUz/?utm_source=ig_web_copy_link


উল্লেখ্য যে, ছবিখনত প্ৰয়োজন হোৱা “বন্দুক” ৰ বাবে অসম চৰকাৰৰ দ্বাৰা লাগতিয়াল অনুমতি লাভ নকৰাৰ ফলতেই হায়দৰাবাদত শ্বুটিং সম্পন্ন কৰা হ’ব বুলি ছবিখনৰ প্ৰযোজকে সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ উপৰিও অসমত এটা “ছেট” ৰ সৃষ্টিৰ বাবে প্ৰয়োজন হয় ২০-২৫ দিন; আনহাতে বাহিৰত এই “ছেট” টোৰ সৃষ্টিত প্ৰয়োজন হয় মাত্ৰ ১০-১২ দিন। এই কাৰণ সমূহৰ বাবেই ছবিখনৰ দৃশ্যগ্ৰহণ বাহিৰলৈ লৈ যোৱা হৈছে বুলি ব্যক্ত কৰে ছবিখনৰ সৈতে জড়িত কলা-কুশলীয়ে। আপোনালোকক জনাই থওঁ যে, “ৰঘুপতি” ৰ সহযোগী পৰিচালকৰ দায়িত্বত আছে হেমন্ত গগৈ তথা সহঃ পৰিচালক হৈছে নিতু খনিকৰ আৰু জ্যোতিষ্মান চেতিয়া। ছবিখনৰ চিনেমেটো’গ্ৰাফী কৰিছে বিশ্বজিৎ দৈমাৰীয়ে।লগতে, অৰ্ণৱ হাজৰিকাই এৰিয়েল চিনেমাটোগ্ৰাফী (ড্ৰ’ণ) কৰাৰ উপৰিও মেক’আপৰ দায়িত্বত আছে বিজিয়েতা পাটগিৰি। সাজ-পাৰ জুৰি কলিতা লগতে প্ৰযোজনা নিয়ন্ত্ৰক হৈছে মনোজ মিশ্ৰ। ছবিখনৰ মাৰ্কেটিং আৰু প্ৰমোচনৰ দায়িত্ব বহন কৰিছে শুভ্ৰজিৎ হাজৰিকাই।

"ৰঘুপতি" ক লৈ ব্যস্ত বৰ্তমান ৰবি শৰ্মাঃ হায়দৰাবাদত কৰিব "একছন"- 3


“ৰঘুপতি” ৰ মুক্তিৰ পূৰ্বেই ইয়াক এখন ব্লকব্লাষ্টাৰ ছবি বুলি গ্ৰহণ কৰিছে অসমীয়া দৰ্শকে। ৰৱি শৰ্মা, অৰুণ নাথ, প্ৰীতিকংকনা, অৰুণ হাজৰিকা, সিদ্ধাৰ্থ শৰ্মা, মনজিৎ শৰ্মা, প্ৰিয়ম পল্লৱী, ৰাজ শৰ্মা, মলয়া গোস্বামীকে ধৰি বহুকেইজন ন-পুৰণি শিল্পীৰ সমাহাৰ ঘটিছে এই ছবিখনত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform