মুম্বাই প্ৰতিষ্ঠিত অসম সন্তান হৰ্জিৎ দিয়াজৰ (হৰজিৎ দাস) প্ৰথমটো সফলতাক লৈ বৰ্তমান উৎসাহিত প্ৰত্যেকজন অসমীয়া। ১৯৯৩ চনত জন্মগ্ৰহণ কৰা এই গৰাকী শিল্পীয়ে ২ হাজাৰতকৈও অধিক সংগীত লগতে ১৫ খনতকৈও অধিক ছবি আৰু কেইবাখনো ওৱেব চিৰিজত কৰ্মৰত হৰ্জিৎ দিয়াজৰ নামটো বৰ্তমান সকলোৰে চিনাকী। ২০০৯ চনত মেট্ৰিক পৰীক্ষা দিয়াৰ পিছৰ পৰাই সংগীত ক্ষেত্ৰখনত নিজ কেৰিয়াৰ আৰম্ভ কৰা হৰ্জিৎ-এ জনপ্ৰিয় হিন্দী গীত “ৰুলাকে গেয়া ইস্ক তেৰা” ত এগৰাকী “মিউজিক প্ৰগ্ৰামাৰ” ৰূপে কাম কৰিছিল। তেওঁৰ এই গীতটোৱে ইউটিউবত বৰ্তমান অতিক্ৰম কৰিছে ১০ কোটিটকৈও অধিক ভিউৱাৰচৰ সংখ্যা। হৰ্জিৎ দিয়াজৰ প্ৰথমটো সফলতাত বৰ্তমান গৌৰম্বান্বিত তেওঁৰ অনুৰাগী। “জি মিউজিক কোম্পানী” ৰ বেনাৰত মুক্তি লাভ কৰিছিল এই গীতটিয়ে।
এ.আৰ.ৰহমানৰ সৈতে কাম কৰাৰ ইচ্ছা থকা ৰঙিয়াৰ এই গৰাকী যুৱকে আগন্তুক সময়ত মুক্তি প্ৰাপ্ত দুখনকৈ অসমীয়া ছবিত সংগীত পৰিচালকৰ কাম কৰাৰ লগতে “জি ৫” ত প্ৰচাৰ হ’বলগীয়া “ডা ফাইনেল কল” ৰ দ্বিতীয়টো সংস্কৰণতো কাম কৰিব। প্ৰথম অৱস্থাত হৰজিৎ দিয়াজে অসমীয়া কন্ঠশিল্পী প্ৰাঞ্জল পৰশৰ কেইবাটাও গীতত কাম কৰিছে। কিছুদিন পূৰ্বে Rupaliparda.com ৰ সৈতে হোৱা কথা বতৰাত হৰ্জিৎ দিয়াজক যেতিয়া জলীউড আৰু বলীউডৰ মাজৰ পাৰ্থক্যৰ বিষয়ে সোধা হৈছিল তেতিয়া তেওঁ কৈছিল যে,

“জলীউড আৰু বলীউডৰ মাজত পাৰ্থক্য এটাই আছে বুলি মই ভাবো। প্ৰত্যেকখন ঠাইৰেই নিৰ্দ্দিষ্ট কিছু কিছু সোঁৱাদ থাকে। ঠিক তেনেদৰে, আমি যেতিয়া এখন অসমীয়া ছবি কৰো তেতিয়া তাত অসমীয়া বাদ্য-যন্ত্ৰ অথবা থলুৱা কিছুমান বস্তু আমি দেখুৱাবলগীয়াত পৰো। এই বাদ্য-যন্ত্ৰবোৰ ভিন্ন ঠাইৰ ভিন্ন প্ৰকাৰৰ থাকে। যেনে; বাংলা গীতত আমি “বাউল” ৰ সোঁৱাদ ব্যৱহাৰ কৰিবলগীয়া হয় বা সেয়া কৰিলে ভাল লাগে।
কিন্তু, বলীউড ক্ষেত্ৰখন নিজৰ মাজতেই এটা “Zone” সদৃশ। বলীউডৰ গীতত আমি বিহুয়ো ব্যৱহাৰ কৰিব পাৰো, পঞ্জাৱী এটা গীতো ব্যৱহাৰ কৰিব পাৰো। অসমীয়াত কিন্তু এনেদৰে কৰিব নোৱাৰো; মোৰ মতে এইটোৱেই হৈছে এই দুয়োখন ক্ষেত্ৰৰ মাজৰ এটা পাৰ্থক্য।”

উল্লেখ্য যে, হৰ্জিৎ দিয়াজে (হৰজিৎ দাস) বিগত ২০১৭ চনৰ পৰা ২০১৯ চনলৈ অসমত “বেষ্ট মিউজিক প্ৰগ্ৰামাৰ” ৰ খিতাপ লাভ কৰিছিল। অসম সন্তানৰ এনে ধৰণৰ সফলতাই আছলতে প্ৰত্যেকজন অসমীয়াক বৰ্তমান গৌৰম্বান্বিত কৰি তুলিছে।
Add comment