Rupaliparda.com
মুঠ ৬২ টা স্থানত "জানমণি" ৰ প্ৰচাৰঃ 1

মুঠ ৬২ টা স্থানত “জানমণি” ৰ প্ৰচাৰঃ

“সৌ সিদিনা আবেলি পৰত” “মাতিছা যদি যাবই লাগিব” ইত্যাদি বিহু গীত আপোনাৰ নিশ্চয় মনত আছে। নাথাকিবইনো কিয়? এই গীতসমূহে বিগত বহু সময়ৰ পৰা শ্ৰোতাক আকৰ্ষিত কৰি ৰাখিছে। এনে গীতসমূহৰ বিষয়ে কোৱাৰ লগে লগে আপোনালোকৰ মনলৈও হয়টো এটা নামেই আহিছে; সেয়া হৈছে “জানমণি”। হয়, সুদীৰ্ঘ ৭ বছৰৰ অপেক্ষাৰ অন্তত আকৌ এবাৰ দৰ্শকৰ বাবে আহি আছে “জানমণি”। এইখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি “জানমণি” ত কিন্তু নাথাকিব অভিনেত্ৰী শ্যামন্তিকা। ইয়াৰ সলনি দৰ্শকে ছবিখনত কেইবাখনো নতুন মুখ দেখিবলৈ পাব। ৩ এপ্ৰিলত মুক্তিপাবলগীয়া এই ছবিখনৰ ইতিমধ্যে আৰম্ভ কৰা হৈছে পূৰ্ণ গতিত প্ৰচাৰ। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ কৰা হ’ব আগন্তুক অসমীয়া ছবি “জানমণি” ৰ প্ৰচাৰ।

মুঠ ৬২ টা স্থানত "জানমণি" ৰ প্ৰচাৰঃ 2


শদিয়াৰ পৰা ধুবুৰীলৈ মুঠ ৬২ টা স্থানত ছবিখনৰ প্ৰচাৰ কৰিব ইয়াৰ কলা-কুশলীয়ে। বিভিন্ন শিক্ষানুষ্ঠানলৈ গৈ ইতিমধ্যে ছবিখনৰ কলা-কুশলীয়েগ আৰম্ভ কৰিছে প্ৰচাৰ। ফাৰ্ষ্ট লুক পোষ্টাৰৰ লগতে ছবিখনৰ টিজাৰ মুকলিৰে দৰ্শকক উৎসাহিত কৰি ৰখা হৈছে। অহা ৩ এপ্ৰিল তাৰিখে মুক্তি পাবলগীয়া এই ছবিখনৰ পৰিচালনা লগতে কাহিনী, চিত্ৰনাট্য আৰু সংলাপ বিষ্ণুজ্যোতি সন্দিকৈৰ। এন কে প্ৰডাকচনৰ দ্বাৰা প্ৰযোজিত ছবিখনৰ প্ৰচাৰত “জানমণি” ৰ কলা-কুশলী সকলৰ সৈতে উপস্থিত আছে কন্ঠশিল্পী বিপিন চাউদাং তথা জনপ্ৰিয় গীতিকাৰ ও সুৰকাৰ বিমান বৰুৱা।


উল্লেখ্য যে, ২০১৩ চনৰ পিছত “জানমণি” ৰ কোনো ভিচিডিয়ে লাভ কৰা নাছিল মুক্তি। এন.কে.প্ৰডাকচনৰ নামো ক্ৰমশ দৰ্শকৰ মনৰ পৰা আঁতৰিছিল যদিও পুনৰ বাৰ এই নাম দৰ্শকৰ মন মগজুত ৰাখিবলৈ চেষ্ট কৰা হৈছে। সেইবাবেই হয়টো “এন কে প্ৰডাকচন” ৰ নামেৰেই খোলা হৈছে এটি ইনষ্টাগ্ৰাম একাউন্টত; য’ত আগন্তুক ছবিখনৰ বিভিন্ন তথ্য লাভ কৰিব পৰা যাব। আনহাতে, ৰোমান্টিক কাহিনী সন্নিৱিষ্ট “জানমণি” ত কেইবাটাও মিউজিক ভিডিঅ’ত অভিনীত দীপজ্যোতি মহন্তই মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল। দীপজ্যোতিৰ এইখনেই হ’ব অভিনয় জীৱনৰ প্ৰথমখন ছবি। ইয়াৰ লগতে,ছবিখনত “জানমণি” চৰিত্ৰটিত অভিনয় কৰিছে দিগাংগনা বৰাই।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform