বলীউড তাৰকা ইৰফান খান, প্ৰিয়ংকা চোপ্ৰা তথা দীপিকা পাডুকনে বলীউড ক্ষেত্ৰখনৰ সমানে জনপ্ৰিয়তা লাভ কৰিছিল হলীউড ক্ষেত্ৰখনতো। এওঁলোকৰ পূৰ্বেও কিন্তু আগৰ সময়ছোৱাত হলীউডত কাম কৰাৰ সুবিধা লাভ কৰিছিল বলীউড তাৰকাই। বলীউডৰ কেইটামান জনপ্ৰিয় যুঁটিৰ ভিতৰত থকা জীনত অমান আৰু অভিনেতা দেৱ আনন্দে বলীউডৰ আগেয়ে একেলগে কাম কৰিছিল হলীউড ছবিত। ১৯৭০ চনত জীনত আমনে নিজ অভিনয় জীৱনৰ আৰম্ভ কৰিছিল এখন হলীউড ছবি “The Evil Within” ৰ দ্বাৰা। ১৯৭০ চনত মুক্তিপ্ৰাপ্ত এই ছবিখনৰ পৰিচালনা কৰিছিল Lamberto V Avellana য়ে।

উক্ত ছবিখনত কেইবাজনো জনপ্ৰিয় ভাৰতীয়ৰ মুখ দেখিবলৈ পোৱা গৈছিল; সেইকেইজন হৈছে ক্ৰমে প্ৰেম নাথ, ইস্তেফাৰ, এমবী ছেট্টী আৰু জগদীশ ৰাজ। “পাছপোৰ্ট টু ডেঞ্জৰ” নামেৰে জনপ্ৰিয় এই ছবিখন জেমস্ বোণ্ডৰ দ্বাৰা প্ৰভাৱিত এখন “ক্ৰাইম থ্ৰীলাৰ” ছবি আছিল। উল্লেখ্য যে, সেই সময়ছোৱাত জীনত অমান আৰু দেৱ আনন্দৰ কেমেষ্ট্ৰী আছিল দৰ্শকৰ বাবে উপভোগ্য। ১৯৭১ চনত মুক্তিপ্ৰাপ্ত বলীউড ছবি “হাৰে ৰাম হাৰে কৃষ্ণা” ৰ সফলতাৰ পিছত জীমত আমনক লৈ দেৱ আনন্দৰ মনত ভালপোৱাৰ অনুভৱ হৈছিল যদিও পিছলৈ ৰাজ কাপুৰ আৰু জীনতৰ বাঢ়ি অহা বন্ধুত্ব দেখি দেৱ আনন্দে নিজেই পিছ হুহুুঁকিছিল। উক্ত কথাখিনি অভিনেতা গৰাকীয়ে নিজেই “ৰোমেঞ্চিং উইথ লাইফ” ত ব্যক্ত কৰে।

১৯৫১ চনত জন্মলাভ কৰা অভিনেত্ৰী জীনত আমনে নিজ অভিনয় জীৱনত ৬০ খনতকৈও অধিক ছবিত অভিনয় কৰিছে। আনহাতে, অভিনয়ৰ ব্যতিক্ৰমী ষ্টাইলৰ বাবে জনাজাত আছিল অভিনেতা দেৱ আনন্দ। ১৯২৩ চনত জন্ম গ্ৰহণ কৰা এই গৰাকী অভিনেতাই মুম্বাইলৈ আহি মিলিটেৰী চেঞ্চৰ অফিচত ১০৭ টকা বেতনেৰে কাম কৰি জীৱন নিৰ্বাহ কৰিছিল। “হম এক হে” ৰ দ্বাৰা কেৰিয়াৰ আৰম্ভ কৰা দেৱ আনন্দে “জিদ্দী” ত কৰা অভিনয়ৰে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হয়। কেইবাটাও উল্লেখযোগ্য বঁটা লাভ কৰা এই গৰাকী অভিনেতাৰ মৃত্যু হয় ২০১১ চনৰ ৩ ডিচেম্বৰ তাৰিখে।
1 comment