Rupaliparda.com
৮০ দশকৰ পৰা জনপ্ৰিয় প্ৰথম অসমীয়া কৌতুক গোষ্ঠীঃ "ভায়ামামা" ৰ জনপ্ৰিয়তা অব্যাহত- 1

৮০ দশকৰ পৰা জনপ্ৰিয় প্ৰথম অসমীয়া কৌতুক গোষ্ঠীঃ “ভায়ামামা” ৰ জনপ্ৰিয়তা অব্যাহত-

“কমেডী” ৰে নিজৰ সমুখত থকা কোনো এজন লোকক হহুঁৱাবলৈ সহজ হৈ পৰে। “কমেডী” ক এতিয়া বহুলোকে নিজৰ জীৱন নিৰ্বাহৰ বৃত্তি হিচাপে গ্ৰহণ কৰিছে। আছলতে “কমেডিয়ান” ৰ নাম ল’বলৈ গ’লে ৰাজু শ্ৰীৱাস্তব, কপিল শৰ্মা, সুনীল গ্ৰোৱাৰ আদিৰ নাম সহজতে আমাৰ মনলৈ আহে। ঠিক এনেদৰে অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনতো ৮০ দশকৰ পৰা এটা কৌতুক গোষ্ঠীয়ে কৌতুক অনুষ্ঠান দ্বাৰা আৰম্ভ কৰিছিল জীৱন যাত্ৰা। “ভায়ামামা” হৈছে অসমৰ প্ৰথম কৌতুক গোষ্ঠী। ৮০ দশকৰ পৰা এই গোষ্ঠীটোৱে বিভিন্ন মঞ্চত কৌতুক অনুষ্ঠান পৰিৱেশন কৰিবলৈ লয়। মঞ্চানুষ্ঠান সমূহৰ জনপ্ৰিয়তাৰ পিছত এওঁলোকে নিজ নামেৰে কেইবাখনো কৌতুকৰ শ্ৰৱ্য কেছেট মুক্তি দিয়াৰ উপৰিও টিভি চিৰিয়েল আৰু ভিডিঅ’য়ো নিৰ্মাণ কৰে।

৮০ দশকৰ পৰা জনপ্ৰিয় প্ৰথম অসমীয়া কৌতুক গোষ্ঠীঃ "ভায়ামামা" ৰ জনপ্ৰিয়তা অব্যাহত- 2


বৰ্তমান ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমীয়া অভিনেতা আদিল হুছেইনেও “ভায়ামামা” গোটৰ সৈতে কম-বেছি পৰিমাণে জড়িত আছিল। “ভায়ামামা” গোষ্ঠীটোৰ মূল বিষয়বস্তু আছিল সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতি। “ভায়ামামা” গোষ্ঠটোৱে কৰা নলবৰীয়া উপভাষাৰ ব্যৱহাৰে দৰ্শকক তেওঁলোকৰ প্ৰতি আৰু অধিক আকৰ্ষিত কৰি তুলিছিল। ইয়াৰ উপৰিও এই গোষ্ঠীটোৱে গুৱাহাটী দূৰদৰ্শনৰ বাবে এখন টিভি চিৰিয়েলো নিৰ্মাণ কৰিছিল যাৰ পৰিচালনা কৰিছিল ধ্ৰুৱজিৎ কিশোৰ চৌধুৰীয়ে। “ভায়ামামাৰ বিহ-হু”, “ভায়ামামাৰ ৰামায়ণ”, “ভায়ামামাৰ মহাভাৰত” আদি হৈছে উক্ত কৌতুক গোষ্ঠটোৰ অন্যতম সৃষ্টি।


১৯৯৯ চনত ৪ ফেব্ৰুৱাৰী তাৰিখে এক দূৰ্ঘটনাত “ভায়ামামা” ৰ কেইবাগৰাকীও শিল্পীয়ে মৃত্যুক আঁকোৱালি লয়। গোষ্ঠীটোৰ সৈতে জড়িত পাঁচজন শিল্পী ক্ৰমে ধ্ৰুৱজিৎ কিশোৰ চৌধুৰী, সুৰজিৎ গগৈ, সঞ্জীৱলাল দাস, ৰঞ্জিত দাস আৰু শিৱৰাম কোঁচৰ লগতে তেওঁলোকৰ সৈতে থকা ড্ৰাইভাৰ ভদ্ৰেশ্বৰ বসুমতাৰীৰ মৃত্যু হয়। গোলাঘাটৰ এটা অনুষ্ঠানত অংশ লোৱাৰ পিছত তেওঁলোক উভতি অহা সময়ছোৱাত সোণাপুৰ ওচৰৰ তেতেলিয়াৰ ভৰাগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত হোৱা দূৰ্ঘটনাত এওঁলোকৰ মৃত্যু হয়। উক্ত মৃত্যুস্থানতে ২০০০ চনত এওঁলোকৰ বাবে স্মৃতি সৌধ নিৰ্মাণ কৰা হয়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform