অসমীয়া সংগীত জগতত কেইগৰাকীমান এনে শিল্পী আছে; যাৰ কোনো এটা গীতৰ মুক্তিৰ খবৰে উৎসাহিত কৰি তোলে শ্ৰোতাক। এনে শিল্পী সমূহৰ ভিতৰত এগৰাকীৰ নাম হৈছে দীপলিনা ডেকা। একে লেঠাৰিয়ে কেইবাটাও জনপ্ৰিয় গীতৰ মুক্তি দিয়া এই গৰাকীৰ কন্ঠৰে আহি আছে এটা নতুন গীত “মধু লগন” । কিছুদিন পূৰ্বে দীপলিনাৰ জনপ্ৰিয় “চুই দিয়ানা” শীৰ্ষক গীতটিয়ে ইউটিউবত লাভ কৰিছিল ১০ লাখতকৈও অধিক ভিউৱাৰচ। সুললিত কন্ঠৰ গৰাকী দীপলিনা ডেকাৰ অনুৰাগী বৰ্তমান উল্লেখনীয়। চচিয়েল মিডিয়াত একটিভ এই গৰাকী কন্ঠশিল্পীয়ে প্ৰায়ে নিজৰ গীত সমূহৰ তথা কৰি থকা কামসসমূহৰ ফটো অথবা ভিডিঅ’ আপলোড কৰি দৰ্শকৰ পৰা সঁহাৰি লাভ কৰা দেখিবলৈ পোৱা যায়।

আপোনালোকক জনাই থওঁ, দীপলিনা ডেকাৰ আগন্তুক “মধু লগন” গীতটিৰ মিউজিক এৰেঞ্জমেন্ট কৰিছে মুম্বাই প্ৰতিষ্ঠিত শিল্পী পল্লৱ তালুকদাৰে লগতে গীতটিত কথা-সুৰ দিয়াৰ উপৰিও গীতটিত দীপলিনাৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰিছে প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাই। যোৱা কালিৰ পৰা দৃশ্যগ্ৰহণৰ কাম আৰম্ভ হোৱা এই গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে কন্ঠশিল্পী দুয়োগৰাকীয়ে নিজেই। ভিডিঅ’ পৰিচালনা কৰিছে শচীন বৰুৱাই। ১৯৯২ চনৰ ৭ ফেব্ৰুৱাৰী তাৰিখে জন্মগ্ৰহণ কৰা দীপলিনাই নিজ ইঞ্জিনিয়াৰিং প্ৰবৃত্তি বাদ দি সাংস্কৃতিক জগতত সোমাই পৰিছিল। ২০১৫ চনৰ ২৩ ফেব্ৰুৱাৰীত মুক্তি প্ৰাপ্ত “নোৱাৰি নোৱাৰি” গীতটিৰ দ্বাৰা কন্ঠশিল্পী ৰূপে তেওঁ নিজ কেৰিয়াৰ আৰম্ভ কৰে। দীপলিনাৰ সৈতে এই গীতটিত কন্ঠদান কৰিছিল তৰুণ তন্ময়ে।

জুবিন গাৰ্গৰ “মিছন ছাইনা” ছবিখনৰ দ্বাৰা এগৰাকী অভিনেত্ৰী ৰূপে চিনাকী লাভ কৰিছিল দীপলিনাই। জাগীৰোডৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষা দিয়া দীপলিনাই পিছলৈ হায়াৰী ছেকেণ্ডাৰী পৰীক্ষা দিয়ে শিলপুখুৰীৰ মহৰ্ষি বিদ্যা মন্দিৰৰ পৰা। এগৰাকী কথক ডেন্সাৰ হোৱাৰ উপৰিও এই গৰাকী শিল্পীয়ে ক্লাছিকেল মিউজিকত লাভ কৰিছিল বিষাৰদ ডিগ্ৰী। উল্লেখ্য যে, চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা দীপলিনা ডেকাই লাভ কৰিছিল “কলাশ্ৰী” সন্মান।
Add comment