Rupaliparda.com
"কিছুদিন পিছত অসমে ছবি, গীত, নৃত্য চোৱাৰ পৰিৱেশ লাভ নকৰিব"- নয়ন নীলিম 1

“কিছুদিন পিছত অসমে ছবি, গীত, নৃত্য চোৱাৰ পৰিৱেশ লাভ নকৰিব”- নয়ন নীলিম

“বন্ধু” ৰ মুক্তিক লৈ শংকিত হৈ পৰিছে অভিনেতা নয়ন নীলিম। চলিত বৰ্ষৰ ৩১ জানুৱাৰী তাৰিখে মুক্তি পাবলগীয়া এই ছবিখনৰ মুক্তিৰ তাৰিখ এতিয়া পিছুৱাই দিয়া হৈছে। “কা” বিৰোধী আন্দোলন তথা বিভিন্ন কাৰ্যসূচীৰ ফলত তাৰিখ পিছুৱাই দিয়া এই ছবিখনৰ পৰিচালনা কৰিছে বহুকেইটা মিউজিক ভিডিঅ’ আৰু কেইবাখনো অসমীয়া ভিচিডিত অভিনীত লগতে অলপতে দৰ্শকৰ যথেষ্ট সঁহাৰি লাভ কৰা অসমীয়া ছবি “কাঞ্চনজংঘা” ত “খলনায়ক” ৰ চৰিত্ৰ ৰূপায়ন কৰা অভিনেতা ত্ৰিদীপ লাহনে।

"কিছুদিন পিছত অসমে ছবি, গীত, নৃত্য চোৱাৰ পৰিৱেশ লাভ নকৰিব"- নয়ন নীলিম 2


“বন্ধু” ৰ মুক্তিৰ বিষয়ে ছবিখনৰ মূল চৰিত্ৰত অভিনীত অভিনেতা নয়ন নীলিমৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে, “বছৰটোৰ আৰম্ভণি মাহতে আমি “বন্ধু” ক মুক্তি দিম বুলি ঠিক কৰিছিলো; কিন্তু তেতিয়াই অসমত হোৱা আন্দোলন বোৰৰ বাবে আমি ইয়াক পিছুৱাই দিলো। বৰ্তমানলৈ কোনো এটা তাৰিখ আমি স্থিৰ কৰিবই পৰা নাই। আৰু, বিশেষকৈ অসমত যি এটা ছবি চোৱাৰ পৰিৱেশ কেইমাহ মান আগতে গঢ়ি উঠিছিল; সেয়া পৰিৱেশ আৰু এতিয়া নাই।”


ইয়াৰ পিছতেই অভিনেতা গৰাকীক ছবিখনৰ প্ৰচাৰ সম্বন্ধে সোধাত তেওঁ কয় যে, “আমি বিগত বছৰৰ নৱেম্বৰ মাহৰ পৰা প্ৰায় প্ৰচাৰ আৰম্ভ কৰিছিলো। বিভিন্ন অনুষ্ঠান সমূহৰ দ্বাৰা আমি প্ৰচাৰৰ কথা ভাবিছিলো লগতে বিভিন্ন ঠাইলৈ গৈ বন্ধুৰ আড্ডা কৰিম বুলি ভাৱিছিলো। কিন্তু, যেতিয়াৰ পৰাই এইবোৰ পৰিস্থিতিৰ আৰম্ভ হ’ল তেতিয়াৰ পৰা প্ৰচাৰ বন্ধ কৰি আমি ছবিখনৰ মুক্তিৰ তাৰিখ পিছুৱাই দিলো। কাৰণ, প্ৰচাৰ নোহোৱাকৈ এখন ছবি ছবিগৃহত উলিয়াই দি লাভ নাই । প্ৰযোজকেও এতিয়া ভয় খাইছে যে যদিহে আকৌ মুক্তিৰ সময়ত বেয়া পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়া দিগদাৰ হ’ব।”

"কিছুদিন পিছত অসমে ছবি, গীত, নৃত্য চোৱাৰ পৰিৱেশ লাভ নকৰিব"- নয়ন নীলিম 3


ইয়াৰ উপৰিও অভিনেতাগৰাকীয়ে অসম বাসীয়ে কিছু দিন পিছত ছবি অথবা গীত-মাত-নৃত্য আদি চোৱাৰ পৰিৱেশ লাভ নকৰিব বুলিও প্ৰকাশ কৰি Rupaliparda.com ৰ আগত নিজ শংকা ব্যক্ত কৰে। উল্লেখ্য যে, “বন্ধু” মুক্তিৰ বাবে চলিত বৰ্ষৰ ৮ মে’ তাৰিখটোৰ কথা ভবা হৈছে যদিও ই স্পষ্ট নহয়। নয়ন নীলিমৰ সৈতে এই ছবিখনত অভিনয় কৰিছে বিবেক বৰা,জ্যোতিস্মান শৰ্মা, ইপ্সিতা,ৰাছনা(কন্নড় অভিনেত্ৰী), সিদ্ধাৰ্থ মূখাৰ্জী, পুনম, কস্তুৰী আৰু বনী দেউৰীয়ে। ছবিখনত সংলাপ ড° নয়নজ্যোতি তালুকদাৰৰ। ছবিখন প্ৰযোজনা কৰিছে অমিত জৈনে। গতিকে, আগন্তুক কেতিয়া এই ছবিখন মুক্তি লাভ কৰিব সেয়া লক্ষ্যণীয় হ’ব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform