Rupaliparda.com
মাতৃলৈ উচৰ্গিত জুবিন গাৰ্গৰ শ্ৰৱ্য এলবাম "পাখি"- 1

মাতৃলৈ উচৰ্গিত জুবিন গাৰ্গৰ শ্ৰৱ্য এলবাম “পাখি”-

যেতিয়ালৈ এটা ফোনত ইন্টাৰনেট ব্যৱহাৰ কৰি জনসাধাৰণৰ বাবে গীত শুনাটো একেবাৰেই সহজ হৈ পৰা নাছিল; তেতিয়ালৈ একোটা নিৰ্দ্দিষ্ট গীত উপভোগ কৰাৰ সোঁৱাদ শ্ৰোতাই নিশ্চয়কৈ বুজিছিল। একোখন শ্ৰৱ্য কেছেট কিনি আনি তাত থকা প্ৰিয় গীতটি বাৰম্বাৰ শুনাৰ যিটো মজা;সেয়া হয়টো বৰ্তমানৰ নৱপ্ৰজন্মই নুবুজিব। শ্ৰৱ্য কেছেটৰ জনপ্ৰিয়তা বহু দিনলৈ অব্যাহত আছিল বুলি ক’লেও ভুল নহ’ব। বহুলোকে নিজৰ প্ৰিয় গীতটি এবাৰ মাথো শুনাৰ বাবে ইজনে আনজনৰ সৈতে শ্ৰৱ্য কেছেটৰ আদান প্ৰদান কৰাও দেখিবলৈ পোৱা গৈছিল।

মাতৃলৈ উচৰ্গিত জুবিন গাৰ্গৰ শ্ৰৱ্য এলবাম "পাখি"- 2


এনে জনপ্ৰিয় শ্ৰৱ্য এলবাম সমূহৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় হৈ পৰিছিল জুবিন গাৰ্গৰ শ্ৰৱ্য কেছেট সমূহ। তেওঁৰ প্ৰথম শ্ৰৱ্য কেছেট “অনামিকা” কে আৰম্ভ কৰি “নাহৰ” লৈ প্ৰত্যেকখনেই আছিল জনপ্ৰিয়। জুবিন গাৰ্গে তেওঁৰ মাতৃ ইলি বৰঠাকুৰৰ স্মৰণত মুক্তি দিয়ে “পাখি” শীৰ্ষক এলবামটি। এলবামটিত অন্তৰ্ভূক্ত প্ৰত্যেকটো গীতত কথা দিছিল জুবিন গাৰ্গ আৰু দিগন্ত কলিতাই।

মাতৃলৈ উচৰ্গিত জুবিন গাৰ্গৰ শ্ৰৱ্য এলবাম "পাখি"- 3


এন কে প্ৰডাকচনৰ বেনাৰত “পাখি” এলবামটিৰ প্ৰযোজনা কৰিছিল দেৱ কুমাৰে। ২০০০ চনত মুক্তিপ্ৰাপ্ত “পাখি” এলবামটিত মুঠ ৮ টা গীতৰ সংযোজন কৰা হৈছিল; য’ত কন্ঠদান কৰিছে জুবিন গাৰ্গৰ সৈতে মন্দাকিনী আৰু প্ৰণিতাই। উপভোগ কৰক এলবামটিত অন্তৰ্ভূক্ত এই গীতকেইটিঃ


অসমীয়া কন্ঠশিল্পী সমূহৰ যদি অনুৰাগীৰ সংখ্যা চাবলৈ যাওঁ তেতিয়াহ’লে জুবিন গাৰ্গৰ অনুৰাগীৰ সংখ্যা হ’ব লেখত ল’বলগীয়া। অসমৰ বিভিন্ন কোণৰ লগতে ৰাষ্ট্ৰীয় ক্ষেত্ৰতো শিল্পী গৰাকীৰ অনুৰাগীৰ বৃহৎ অংক দেখিবলৈ পোৱা যায়। ১৯৭২ চনত জন্মগ্ৰহণ কৰা জুবিন গাৰ্গে অসমীয়া সংগীত জগতলৈ এক নতুনত্বৰ ধাৰা বোৱাইছিল বুলি ক’লেও হয়টো উপৰঞ্চি নহ’ব। তেওঁৰ প্ৰতিটো গীতৰ জনপ্ৰিয়তাৰ লগতে তেওঁ ৰাইজৰ বাবেও বিভিন্ন কাম কৰিছে। অসমীয়া ছবিক আকৌ এবাৰ সফলতাৰ ছিৰিত তুলিবলৈ কন্ঠশিল্পী গৰাকীয়ে নিজ পৰিচালনাৰে বিগত বৰ্ষত মুক্তি দিছিল ছবি “কাঞ্চনজংঘা”। বহু দিনৰ অন্তত জুবিনৰ “কাঞ্চনজংঘা” ৰ দ্বাৰাই অসমীয়া দৰ্শকে লাভ কৰিছিল নতুন সোঁৱাদ।

মাতৃলৈ উচৰ্গিত জুবিন গাৰ্গৰ শ্ৰৱ্য এলবাম "পাখি"- 4


যোৱা কিছুদিনপূৰ্বে অসুস্থ হৈ পৰা জুবিন গাৰ্গে বৰ্তমান জিৰণি লৈছে নিজৰ সৈতে। নিজক অকণমান অকলশৰীয়া সময় দিছে শিল্পী গৰাকীয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform