Rupaliparda.com
বাণিজ্যিকভাৱে সফল ছবি "ছিৰাজ" য়ে কৰিছিল অভিনয়ৰ বাট মুকলিঃ অনুপমা ভট্টাচাৰ্য্যৰ বিষয়ে কিছু কথা- 1

বাণিজ্যিকভাৱে সফল ছবি “ছিৰাজ” য়ে কৰিছিল অভিনয়ৰ বাট মুকলিঃ অনুপমা ভট্টাচাৰ্য্যৰ বিষয়ে কিছু কথা-

“ছিৰাজ”, “পাৰঘাট”, “বিপ্লৱী” “ৰুণুমী” আৰু “সতী বেউলা” আছিল ১৯৪৮ বৰ্ষত মুক্তিপ্ৰাপ্ত কেইখন মান ছবি। উক্ত ছবিকেইখনৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় আৰু ব্যৱসায়িক ভাৱে সফল হৈছিল বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মা পৰিচালিত ছবি “ছিৰাজ”। এই ছবিখনত অন্তৰ্ভূক্ত “ফাতেমা” নামৰ নাৰী চৰিত্ৰটি ৰূপায়ন কৰা অনুপমা ভট্টাচাৰ্য্যৰ এই খনেই আছিল প্ৰথম অসমীয়া ছবি। ১৯২৮ চনত জন্মগ্ৰহণ কৰা অনুপমা আছিল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ আজোনাতিনী। “ছিৰাজ” ত অভিনয়ৰ বাবে নটসূৰ্য ফণী শৰ্মাই অনুপমা ভট্টাচাৰ্যক বিচাৰি ওলোৱাৰ লগতে তেওঁক অভিনয়ৰো প্ৰশিক্ষণ দিয়াইছিল।


“জয়মতী” ছবিখন মুক্তি পোৱাৰ সময়ছোৱাত অনুপমা ভট্টাচাৰ্য্য আছিল ৭ বছৰীয়া। ১৯৪৫ চনত এইগৰাকী অভিনেত্ৰীক বিয়া কৰোৱাইছি শিৱ ভট্টাচাৰ্য্যই। কিন্তু ইয়াৰ কিছুদিন পিছতেই স্বামীৰ বিয়োগ ঘটে। সেইখিনি সময়ত অনুপমা ভট্টাচাৰ্যৰ বয়স আছিল ২২ বছৰ। “ছিৰাজ” ৰ পিছত তেওঁ একাধাৰে কেইবাখনো ছবিত অভিনয় কৰে। “বিপ্লৱী”, “নিমিলা অংক”, “নতুন পৃথিৱী”, “মানৱ আৰু দানৱ”, “তৰামাই”, “ৰাংঢালী”, “মৰম”, “অকণ” আদি ছবিত অভিনয় কৰা স্বত্বেও কিন্তু পিছলৈ আৰু অভিনয়ৰ সুযোগ লাভ নকৰিলে অভিনেত্ৰী গৰাকীয়ে। জনপ্ৰিয় অভিনেত্ৰী মীনা কুমাৰীৰ দৰে ট্ৰেজেদি চৰিত্ৰৰ প্ৰতি আকৰ্ষিত অনুপমাই তেজপুৰৰ বাণ ৰংগমঞ্চত “টিপ চুলতান” নাটকত ফণী শৰ্মাৰ সৈতে অভিনয় কৰিছিল।


১৯৬৪ চনত প্ৰথম অনাঁতাৰ মহিলা শিল্পীৰূপে আত্মপ্ৰকাশ কৰিছিল অনুপমা ভট্টাচাৰ্য্যই। কলকাতাৰ “অল ইণ্ডিয়া ৰেডিঅ” ৰ পৰা প্ৰচাৰিত প্ৰথম অসমীয়া নাট “বিধৱা” ত অভিনয় কৰিছিল উক্ত অভিনেত্ৰী গৰাকীয়ে। “কলাগুৰু বিষ্ণু ৰাভা বঁটা” তথা “আইদেউ সন্দিকৈ বঁটা” লাভ কৰা এই গৰাকী অভিনেত্ৰীয়ে অসম চৰকাৰৰ শিল্পী পেঞ্চনৰ উপৰিও ৰাষ্ট্ৰীয় চলচিত্ৰ বিকাশ নিগমৰ পৰা পেঞ্চন লাভ কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform