Rupaliparda.com
সাহিত্যৰ পিনে মন মেলা এগৰাকী যুৱকঃ গীতত দিয়া কথাৰে হৈছে জনপ্ৰিয়- 1

সাহিত্যৰ পিনে মন মেলা এগৰাকী যুৱকঃ গীতত দিয়া কথাৰে হৈছে জনপ্ৰিয়-

একোটা গীতত আমি প্ৰায় মন দিওঁ গীতটো কোনে গাইছে! কোনো জনপ্ৰিয় কন্ঠশিল্পীৰ কন্ঠৰে যদিহে গীতটি মুক্তি লাভ কৰে তেন্তে আমি সহজতে ভাবি লওঁ গীতটোৰ সফলতা গোটেইখিনি কন্ঠশিল্পী গৰাকীৰ। কিন্তু, আছলতে কোনো এটা গীতত কন্ঠশিল্পী গৰাকীৰ সমান্তৰালকৈ কষ্ট লুকাই থাকে গীতৰ আঁৰৰ ব্যক্তিসকলৰো। একোটা গীতৰ কথাই যদি শ্ৰোতাৰ মন চুব নোৱাৰে তেন্তে সেই গীতটি কোনোপধ্যেই উপভোগ্য নহয়। এটা গীতৰ কথা যিমানেই সুন্দৰ হ’ব; সিমানেই ই শ্ৰোতাৰ কাষ চাপিবলৈ সক্ষম হ’ব। আনহাতে কোৱা বাহুল্য যে, সাম্প্ৰতিক সময়ত কেৱল মাত্ৰ ডাক্তৰ,ইঞ্জিনিয়াৰৰ প্ৰবৃত্তি বাছি নলয়; নৱ প্ৰজন্মৰ বহু যুৱক-যুৱতী এগৰাকী লেখক, কবি তথা সাংস্কৃতিৰ জগতখনৰ প্ৰতিও আকৰ্ষিত হয়।

সাহিত্যৰ পিনে মন মেলা এগৰাকী যুৱকঃ গীতত দিয়া কথাৰে হৈছে জনপ্ৰিয়- 2
সাহিত্যৰ পিনে মন মেলা এগৰাকী যুৱকঃ গীতত দিয়া কথাৰে হৈছে জনপ্ৰিয়- 3


এনে নৱপ্ৰজন্মৰ এগৰাকী যুৱক বৰ্তমান ব্যস্ত অসমীয়া গীতসমূহৰ কথা লিখি নিজ প্ৰতিভা বিকাশ কৰাত। নীল আকাশ, তৰালী শৰ্মা তথা অংগৰাগ মহন্তৰ বাবেও এইগৰাকী নৱ প্ৰজন্মৰ শিল্পীয়ে দিছে গীতত কথা তেওঁৰ নাম হৈছে ডানিশ। অসম জাতীয় বিদ্যালয়ৰ পৰা মেট্ৰিক আৰু বি বৰুৱা কলেজৰ পৰা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হৈ এই গৰাকী শিল্পী বৰ্তমান অসমীয়া ভাষাত অনাৰ্ছ লৈ আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ত অধ্যয়নৰত। “নয়না”, “জিন্দ মাহী”, “সঁফুৰা”, “এতিয়া সময়”, “ধূলিসণা”, “কাহিনী” আদি বিভিন্নতা গীতৰ কথা লিখাৰ উপৰিও ডানিশে চলিত বৰ্ষত মুক্তিপাবলগীয়া কেইবাখনো ছবিত অন্তৰ্ভূক্ত গীতত কথা লিখিছে।


৩ এপ্ৰিলত মুক্তিপাবলগীয়া ছবি “ক্ৰান্তি”, ১ মে’ ত মুক্তিপাবলগীয়া “গৰু”, ৫ জুন তাৰিখে মুক্তি পাবলগীয়া “ৰাইনো’ এক্সপ্ৰেছ” তথা ৰবি শৰ্মাৰ বহু প্ৰত্যাশিত ছবি “ৰঘুপতি” ইত্যাদি ছবিসমূহৰ অন্তৰ্ভূক্ত গীততো কথা দিছে ডানিশে। সাংস্কৃতিক জগত খনত নতুনকৈ খোজ পেলোৱা এই গৰাকী শিল্পীক আগন্তুক প্ৰত্যেকটো প্ৰকল্পৰ বাবে ৰূপালী পৰ্দাৰ ফালৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.