Rupaliparda.com
সমীৰ বুঢ়াগোঁহাইৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ছবিঃ আৰম্ভ হৈছে চতিয়াত শ্বুটিং- 1

সমীৰ বুঢ়াগোঁহাইৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ছবিঃ আৰম্ভ হৈছে চতিয়াত শ্বুটিং-

ইতিমধ্যে আৰম্ভ কৰা হৈছে আগন্তুক অসমীয়া ছবি “দাদা তুমি দুষ্ট বৰ” ৰ শ্বুটিং। ২৫-৩০ দিনীয়া কাৰ্যসূচীৰে চতিয়াত আৰম্ভ কৰা হৈছে উক্ত ছবিখনৰ শ্বুটিং। “কইনা মোৰ ধুনীয়া”, “হিয়াৰ দাপোনত তোমাৰেই ছবি”, “কাদম্বৰী”, “সৰু বোৱাৰী”, “ককা দেউতাৰ ঘৰ জোঁৱাই” কে ধৰি প্ৰায় ২০ খনতকৈ অধিক ছবিৰ কৰিঅ’গ্ৰাফাৰৰ দায়িত্বত থকা সমীৰ বৰগোঁহাইৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখন হৈছে তেওঁৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি। চলিত বৰ্ষত মুক্তিপাবলগীয়া ছবিসমূহৰ ভিতৰত উক্ত ছবিখনো অন্যতম বুলি ক’ব পৰা যায়। সমীৰ বুঢ়াগোঁহাইৰ কাহিনীৰে এই ছবিখন প্ৰযোজনা কৰিছে কে.এম.ৰহমানে। সৰুৰ পৰাই সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত কে.এম.ৰহমান বৰ্তমান ইটানগৰৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী।

সমীৰ বুঢ়াগোঁহাইৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ছবিঃ আৰম্ভ হৈছে চতিয়াত শ্বুটিং- 2
সমীৰ বুঢ়াগোঁহাইৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ছবিঃ আৰম্ভ হৈছে চতিয়াত শ্বুটিং- 3


ইখনৰ পিছত সিখন অসমীয়া ছবি আৰম্ভণিৰ খবৰে আছলতে এতিয়া অসমীয়া চলচিত্ৰ প্ৰেমীৰ মনত জগাইছে নতুন আশাৰ। নতুন ছবি উপভোগ কৰাৰ উৎসাহো দেখিবলৈ পোৱা গৈছে দৰ্শকৰ মাজত। বিগত বছৰত মুক্তিপ্ৰাপ্ত “কাঞ্চনজংঘা”, “ৰত্নাকৰ” তথা “আমিষ” আছিল ২০১৯ বৰ্ষৰ সফল ছবিৰ উদাহৰণ। গতিকে, এনেক্ষেত্ৰত আগন্তুক সকলো অসমীয়া ছবিৰ সফলতাৰ আশা কৰিব পৰা যায়। উল্লেখ্য যে, ৰাজ্যিক চলচিত্ৰ বঁটা লাভ কৰা সমীৰ বুঢ়াগোঁহাইৰ এই ছবিখন “৩১ জুন”, “হিয়া দিয়া নিয়া” আৰু “মন যায়” ত অভিনীত তথা প্ৰযোজক পংকজ মহন্তৰ নিবেদনত নিৰ্মাণ কৰা হৈছে।

সমীৰ বুঢ়াগোঁহাইৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ছবিঃ আৰম্ভ হৈছে চতিয়াত শ্বুটিং- 4


ৰোমান্টিক কমেডী এই ছবিখনৰ প্ৰযোজনা নিয়ন্ত্ৰকৰ দায়িত্ব আছে দেৱজিৎ সেনাপতি লগতে ছবিখনৰ সম্পাদনা কৰিব অসীম শৰ্মাই। আনহাতে, জুবিন গাৰ্গ, নীল আকাশকে ধৰি দীক্ষু, গায়ত্ৰী হাজৰিকা তথা চয়নিকা ভূঞাই ছবিখনৰ অন্তৰ্ভূক্ত গীতত কন্ঠদান কৰিছে আৰু ইয়াত সংগীত পৰিচালনা কৰিছে আলাপ দুদুল শইকীয়াই।

সমীৰ বুঢ়াগোঁহাইৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ছবিঃ আৰম্ভ হৈছে চতিয়াত শ্বুটিং- 5


কিশোৰ দাস আৰু আলিস্মিতা গোস্বামীয়ে উক্ত ছবিখনত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছে। লগতে, ছবিখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে তনভী শৰ্মা, অৰূপ বৰা, পংকজ ইংতি, ৰিমঝিম শৰ্মা, অপৰ্ণা চৌধুৰী, জ্যোতি ভূঞা, দেৱানন্দ শইকীয়া, বিষ্ণু খাৰঘৰীয়াৰ লগতে আন কেইবাজনো ন-পূৰণি শিল্পীয়ে। অভিনেত্ৰী তনভী শৰ্মাই ইনষ্টাগ্ৰাম যোগে ষ্টেটাছ দি ছবিখনৰ শ্বুটিং আৰম্ভণিৰ খবৰ দৰ্শকক দিয়ে।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform