Rupaliparda.com
বাজাজ স্কুটাৰত উঠাই "কইনা" আনিছে ৰাকেশ ৰিয়ানেঃ 1

বাজাজ স্কুটাৰত উঠাই “কইনা” আনিছে ৰাকেশ ৰিয়ানেঃ

বলীউডৰ কোটি কোটি টকীয়া বিয়া তথা তেওঁলোকৰ বিবাহৰ সময়ত কৰা বিবাহৰ বিভিন্ন নিয়মৰ ভিডিঅ’ চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা যায়। বলীউডৰ তেনে এখন বিবাহ নহ’লেও এতিয়া সাংসাৰিক জীৱন আৰম্ভণিৰ প্ৰস্তুতি চলাইছে অসমীয়া কন্ঠশিল্পী ৰাকেশ ৰিয়ানে। ইতিমধ্যে জীৱনৰ দ্বিতীয়টো স্তৰ অৰ্থাৎ বৈবাহিক জীৱনৰ পাতনি মেলিলে কন্ঠশিল্পী ৰাকেশ ৰিয়ানে। কাকপথাৰ অঞ্চলৰ নিবাসী ৰাকেশ ৰিয়ানৰ বিয়াক লৈ বৰ্তমান উৎসাহিত তেওঁৰ অনুৰাগী সকলো। কেইবাটাও জনপ্ৰিয় গীতৰ গৰাকী এই কন্ঠশিল্পীজনে কিছুদিন পূৰ্বে “এংগগেজমেন্ট” সম্পন্ন কৰিছিল। “আছুতীয়া কৈ থ’লো” শীৰ্ষক এটি সুন্দৰ ৰোমান্টিক গীত শ্ৰোতাক উপহাৰ দিয়াৰ পিছতেই বিবাহৰ বাবে সাজু হৈ পৰিছিল কন্ঠশিল্পী গৰাকী।

বাজাজ স্কুটাৰত উঠাই "কইনা" আনিছে ৰাকেশ ৰিয়ানেঃ 2
View this post on Instagram

Yaar Ki Shaadi ❤️ @rakesh_reeyan_

A post shared by Vreegu Kashyap (@vreegu_kaxyap) on

বাজাজ স্কুটাৰত উঠাই "কইনা" আনিছে ৰাকেশ ৰিয়ানেঃ 3
বাজাজ স্কুটাৰত উঠাই "কইনা" আনিছে ৰাকেশ ৰিয়ানেঃ 4


ৰাকেশ ৰিয়ানক দৰা সাজেৰে দেখিবলৈ পোৱাত দৰ্শক উৎসাহিত হৈ পৰিছে। দৰা ৰাকেশ ৰিয়ানৰ সখীয়েক কন্ঠশিল্পী ভৃগুৱে বিবাহৰ বিভিন্ন ফটো আপলোড কৰিছে নিজ ইনষ্টাগ্ৰাম একাউন্টত। অসমীয়া বিবাহৰ নিয়মানুসৰি দৰাৰ সখীয়েক অৰ্থাৎ ৰাকেশ ৰিয়ানৰ সখীয়েক ভৃগু কাশ্যপকো দৰা নিচিনাই সাজ পাৰ পিন্ধি “দৰা” ৰ ছাতি ধৰা দেখিবলৈ পোৱা গৈছে। ফটো সমূহ শ্বেয়াৰ কৰা লগতে ভৃগুৱে কেপচন দিছে “য়াৰ কি শাদী”। উক্ত ফটোতেই আকৌ এগৰাকী ইনষ্টাগ্ৰাম ইউজাৰে কমেন্ট কৰে “কাকপথাৰ আজিহে উদুলি মুদুলি❤❤ বাজাজ স্কুটাৰত উঠি একা বেকা বাটেৰে গৈ সুন্দৰী পমিলাক লৈ আনাগৈ ককাইহঁত”। এনেদৰে বিভিন্ন কমেন্টৰ ভিৰ দেখিবলৈ পোৱা গৈছে ইনষ্টাগ্ৰামত পোষ্ট হোৱা ফটোসমূহত।

বাজাজ স্কুটাৰত উঠাই "কইনা" আনিছে ৰাকেশ ৰিয়ানেঃ 5
বাজাজ স্কুটাৰত উঠাই "কইনা" আনিছে ৰাকেশ ৰিয়ানেঃ 6


আনহাতে, আপোনালোকক জনাই থওঁ; কিছুদিন পূৰ্বে ভৃগু কাশ্যপেও নিজ “এংগগেজমেন্ট” সম্পন্ন কৰিছিল অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ সৈতে। বৰ্তমান প্ৰায় গীতৰ ভিডিঅ’ত দুয়োকে একেলগে দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ভৃগুৰ “সুন্দৰী পমিলা” ই অতি কম সময়ৰ ভিতৰতে লাভ কৰিছিল ১ মিলিয়নৰো অধিক ভিউৱাৰচ; বৰ্তমানেও এই গীতটিৰ জনপ্ৰিয়তা অব্যাহত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.