Rupaliparda.com
পুত্ৰ সন্তান এটি জন্ম দিয়াৰ পিছতেই মৃত্যু কন্ঠশিল্পী ৰূপম ভূঞাৰ পত্নী মানশ্ৰীৰঃ 1

পুত্ৰ সন্তান এটি জন্ম দিয়াৰ পিছতেই মৃত্যু কন্ঠশিল্পী ৰূপম ভূঞাৰ পত্নী মানশ্ৰীৰঃ

এক দুঃখবৰে এতিয়া মৰ্মাহত কৰিছে অসমীয়া সংগীত জগতক। জনপ্ৰিয় কন্ঠশিল্পী ৰূপম ভূঞাৰ পত্নীৰ বিয়োগৰ খবৰে এতিয়া ব্যথিত কৰিছে তেওঁৰ অনুৰাগী সকলক। যুৱ প্ৰজন্মৰ মন পৰশা কন্ঠৰ গৰাকী সমূহৰ ভিতৰত উল্লেখনীয় এগৰাকী কন্ঠশিল্পী হৈছে ৰূপম ভূঞা। গুৱাহাটী মহানগৰীত জন্মগ্ৰহণ কৰা এই গৰাকী শিল্পীয়ে সৰুৰ পৰা বিভিন্ন “মইনা মেল”, “মইনা পাৰিজাত” আদি অনুষ্ঠানত অংশগ্ৰহণ কৰি সংগীত ক্ষেত্ৰখনৰ সৈতে চিনাকী হৈছিল। “Indian Fusion Band North East Breeze” শীৰ্ষক সংগীত গোষ্ঠীটোৰ মূল ব্যক্তি ৰূপম ভূঞাই অনুৰাধা, মমতাজ, আকাশ চুবৰ মন আদি কেইবাখনো ছবিত কন্ঠদান কৰাৰ লগতে “গজল” ও তেওঁ পৰিৱেশন কৰে।

পুত্ৰ সন্তান এটি জন্ম দিয়াৰ পিছতেই মৃত্যু কন্ঠশিল্পী ৰূপম ভূঞাৰ পত্নী মানশ্ৰীৰঃ 2
পুত্ৰ সন্তান এটি জন্ম দিয়াৰ পিছতেই মৃত্যু কন্ঠশিল্পী ৰূপম ভূঞাৰ পত্নী মানশ্ৰীৰঃ 3


বুধবাৰে দিনৰ প্ৰায় ১২ বজাত এটি পুত্ৰ সন্তান জন্ম দিছিল কন্ঠশিল্পী গৰাকীৰ পত্নীয়ে। এই সুঃখবৰটো ৰূপম ভূঞাই নিজে চচিয়েল মিডিয়া যোগে জনাইছিল তেওঁৰ অনুৰাগী বৃন্দক। মানশ্ৰী আৰু ৰূপম ভূঞাৰ এই সুখবৰটোত যেন গ্ৰহণ লাগিল। হঠাতে ছাৰখাৰ হৈ পৰিল কন্ঠশিল্পী গৰাকীৰ সংসাৰ। নিষ্ঠুৰ নিয়তিৰ পৰিহাস। সন্তান জন্ম দি মৃত্যক আঁকোৱালি ল’লে ৰূপম ভূঞাৰ পত্নী মানশ্ৰীয়ে। উক্ত খবৰটো শুনাৰ পিছতেই কন্ঠশিল্পী তথা পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে এতিয়া গুণমুদ্ধ সকলে।

পুত্ৰ সন্তান এটি জন্ম দিয়াৰ পিছতেই মৃত্যু কন্ঠশিল্পী ৰূপম ভূঞাৰ পত্নী মানশ্ৰীৰঃ 4


উল্লেখ্য যে,শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ৰূপম ভূঞাৰ এটি নতুন গীতে আকৌ এবাৰ শ্ৰোতাৰ হৃদয় চুবলৈ সক্ষম হৈছিল। “ফাগুনৰ আকাশক আজি” শীৰ্ষক ৰোমান্টিক গীতটিক পচন্দ কৰিছিল বহুলোকে। উক্ত গীতটিৰ কথা -সুৰ দীপাংকৰ শইকীয়াৰ লগতে ইয়াত সংগীত দিছে বিভূতি গগৈয়ে। গীতটিত শব্দ সংমিশ্ৰণৰ দায়িত্বত আছিল দিগন্ত বৰদলৈ।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.