Rupaliparda.com
সন্দেহজনক ইনষ্টাগ্ৰাম পোষ্ট আৰমান মালিকৰঃ কিয় মানসিক কষ্টত ভুগিছে কন্ঠশিল্পী গৰাকী?? 1

সন্দেহজনক ইনষ্টাগ্ৰাম পোষ্ট আৰমান মালিকৰঃ কিয় মানসিক কষ্টত ভুগিছে কন্ঠশিল্পী গৰাকী??

“মে ৰহু য়া না ৰহু”, “বল দো না জাৰা, “হা তুম মেৰে পাস ৰহো”, বজহ তুম হো” ৰ দৰে কেইবাটাও জনপ্ৰিয় গীতত কন্ঠদান কৰা কন্ঠশিল্পী আৰমান মালিকৰ হৈছে মানসিক অশান্তি। আৰমান মালিক চচিয়েল মিডিয়াত প্ৰায়ে একটিভ থকা দেখিবলৈ পোৱা যায়; বিভিন্ন ফটো তথা ভিডিঅ’ তেওঁ আপলোড কৰে। কিন্তু, কিছু সময় পূৰ্বে কন্ঠশিল্পী গৰাকীয়ে এটা এনে পোষ্ট কৰিছে যিটো দেখি আপোনালোকৰো নিশ্চয় কিছু সন্দেহজনক প্ৰশ্নৰ সৃষ্টি হ’ব। উল্লেখ্য যে, আৰমান মালিকে পূৰ্বৰ সকলো ইনষ্টাগ্ৰাম আপডেট ডিলিট কৰি এটা আপডেটত লিখিছে যে, “মই আৰু সহ্য কৰিব নোৱাৰো।” ইয়াৰ সমান্তৰালকৈ তেওঁ নিজৰ “ডিপি” ত কলা ৰঙ দি থয়। এনেবোৰ কিছু ঋণাত্মক তথা সন্দেহজনক কাম কৰাৰ বাবে বৰ্তমান শিল্পী গৰাকীৰ অনুৰাগী হতাশ হৈ পৰিছে।

https://www.instagram.com/p/B9kDcgPJyn_/?utm_source=ig_web_copy_link


উক্ত পোষ্টটোত বৰ্তমান তেওঁৰ অনুৰাগীয়ে বিভিন্ন কমেন্ট কৰা দেখিবলৈ পোৱা গৈছে। কোনোৱে যদি প্ৰশ্ন কৰিছে তাতেই আকৌ কোনোৱে তেওঁৰ এই পোষ্টটোৰ অৰ্থ বিচাৰিছে। এইখিনিতে আপোনালোকক জনাই থওঁ যে,আৰমান মালিকে পূৰ্বতেও এনে হতাশজনক পোষ্ট টুইট কৰিছে। বিগত বৰ্ষৰ মাৰ্চ মাহত জাষ্টিন বিৱাৰে যেতিয়া পোষ্ট কৰিছিল যে তেওঁ সাংঘাতিক অকলশৰীয়া অনুভৱ কৰিছে; তেতিয়াই আৰমান মালিকেও লিখিছিল যে, “মই এতিয়া অনুভৱ কৰিছো যে মই অকলেই এনে অনুভৱ নকৰো; আমাৰ চাৰিওফালে মানুহ থকা স্বত্বেও আমি কেতিয়াবা অশান্তি পাওঁ।”

সন্দেহজনক ইনষ্টাগ্ৰাম পোষ্ট আৰমান মালিকৰঃ কিয় মানসিক কষ্টত ভুগিছে কন্ঠশিল্পী গৰাকী?? 2


১৯৯৫ চনৰ ২২ জুলাই তাৰিখে জন্মগ্ৰহণ কৰা এইগৰাকী কন্ঠশিল্পী সংগীত নিৰ্দেশক ডবু মালিকৰ পুত্ৰ। আৰমান মালিকে “মাই নেম ইজ খান” ত থকা এটা ইংৰাজী ল’ৰাক কন্ঠ দি শিল্পী ৰূপে আত্মপ্ৰকাশ কৰে।কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত অনুৰাগ শইকীয়াৰ “প্ৰজেক্ট বৰগীত” ক শলাগি টুইট কৰিছিল আৰমানে মালিকে।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform