৫০-৬০ দশকৰ অসমীয়া ছবি নিৰ্মাণত বিশেষভাৱে দেখিবলৈ পোৱা গৈছিল পৌৰাণিক তথা বুৰঞ্জীমূলক ছবিৰ ধাৰা। বুৰঞ্জীৰ আধাৰত নাইবা পুৰাণত অন্তৰ্ভূক্ত কাহিনীক কেন্দ্ৰ কৰি নিৰ্মিত ছবি সমূহ সেই সময়ছোৱাৰ আছিল বিশেষ বৈশিষ্ট্য। এনে ছবিসমূহৰ ভিতৰত নিৰ্মিত এখন ছবি আছিল “সতী বেউলা।” সুনীল গাংগুলীৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখন আছিল দশম অসমীয়া ছবি। অসমীয়া আৰু বাংলা দুয়োটা ভাষাত নিৰ্মিত এই ছবিখন মূলতঃ বাংলা সংস্কৰণৰ অসমীয়া ৰূপান্তৰ আছিল। ১৯৫৩ চনত মুক্তিপ্ৰাপ্ত ছবিখন পদ্মপুৰাণৰ “বেহুলা-লক্ষীন্দৰ” ৰ আখ্যানৰ আধাৰত নিৰ্মাণ কৰা হৈছিল। বাংলা ভাষাৰ পৰা ছবিখন অসমীয়ালৈ অনুবাদ কৰিছিল প্ৰবীন ফুকনে।


ছবি বিশ্বাসৰ লগতে ছবিখনত অভিনয় কৰিছিল জনপ্ৰিয় অভিনেতা ফণী শৰ্মাই। বঙলা ভাষাৰ ৰূপান্তৰ হোৱাৰ বাবে অসমীয়া দৰ্শকৰ ফালৰ পৰা ছবিখনে লাভ নকৰিলে আশানুৰূপ দৰ্শকৰ সঁহাৰি।
Add comment