Rupaliparda.com
"দেৱী" য়ে অতিক্ৰম কৰিছে ১০ মিলিয়ন ভিউৱাৰচঃ কিন্তু প্ৰিয়ংকা বেনাৰ্জীয়ে কৰিছিল নেকি "কনচেপ্ট" চোৰ?? 1

“দেৱী” য়ে অতিক্ৰম কৰিছে ১০ মিলিয়ন ভিউৱাৰচঃ কিন্তু প্ৰিয়ংকা বেনাৰ্জীয়ে কৰিছিল নেকি “কনচেপ্ট” চোৰ??

পূৰ্ণদৈৰ্ঘ্যৰ ছবিসমূহৰ দৰেই কিছুমান চুটি ছবিয়ে দৰ্শকৰ মনত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়। ২ বা ৩ ঘণ্টীয়া নহ’লেও ৫-১০ মিনিটৰ একোখন চুটি ছবিত কিছু এনে কাহিনীক প্ৰতিফলিত কৰা হয়; যিয়ে দৰ্শকৰ মুখৰ পৰা প্ৰশংসা পাবলৈ সক্ষম হয় পৰে। এনে চুটি ছবি সমূহৰ ভিতৰত নাম ল’ব পাৰি কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত “দেৱী” ৰ। কেইবাগৰাকীও বলীউড অভিনেত্ৰীৰ অভিনয়েৰে ১৩ মিনিট দৈৰ্ঘ্যৰ এই ছবিখন নিৰ্মাণ কৰিছিল প্ৰিয়ংকা বেনাৰ্জীয়ে।

"দেৱী" য়ে অতিক্ৰম কৰিছে ১০ মিলিয়ন ভিউৱাৰচঃ কিন্তু প্ৰিয়ংকা বেনাৰ্জীয়ে কৰিছিল নেকি "কনচেপ্ট" চোৰ?? 2


কাজল, নেহা ধূপিয়া, শ্ৰুতি হাছান অভিনীত এই ছবিখনত সমাজৰ এক কঠোৰ সত্যক প্ৰতিফলিত কৰা হৈছিল। নাৰীক “নাৰী দিৱস” ৰ দিনা প্ৰত্যেকজনেই দিয়া তথাকথিত সন্মানৰ পিছত বছৰি লাখ লাখ নাৰীক ধৰ্ষণ কৰা হয় এই দেশখনত। সৰুতকৈ সৰু কণমানি এজনীও কেতিয়াবা বাছি যাব নোৱাৰে কিছুলোকৰ ঘৃণনীয় মানসিকতাৰ পৰা। এনে একে কাহিনীৰ ভিত্তিতেই নিৰ্মিত “দেৱী” য়ে এতিয়া ইউটিউবত অতিক্ৰম কৰিছে ১০ মিলিয়ন ভিউৱাৰচৰ সংখ্যা। উক্ত ভিডিঅ’টোৱে এক ডাঙৰ অংকত সফলতা লাভ কৰাৰ পিছতেই কাজল, নেহা তথা শ্ৰুতিয়ে ইনষ্টাগ্ৰামত একোটা পোষ্ট যোগে দৰ্শকক ধন্যবাদ জ্ঞাপন কৰে।

https://www.instagram.com/p/B9ism1vHUED/?utm_source=ig_web_copy_link
https://www.instagram.com/p/B9ivae1BN45/?utm_source=ig_web_copy_link


এইখিনিতে, উল্লেখ্যনীয় যে, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক সাক্ষাৎকাৰত অভিষেক ৰায় নামৰ এগৰাকী “ফ্ৰিলেন্স” পৰিচালকে দাঙি ধৰিছে এক বিষ্ফোৰক তথ্য। তেওঁ দিয়া সাক্ষাৎকাৰত কয় যে, “দেৱী” ৰ কনচেপ্ট তেওঁৰ ২০১৮ চনৰ ১ জুনত মুক্তিপ্ৰাপ্ত ছবি “Four” ৰ পৰা তুলি অনা হৈছে। তেওঁ যেতিয়া “দেৱী” ছবিখন চাইছিল তেতিয়াই তেওঁ এই কথা বুজি পাইছিল। ইয়াৰ লগতে তেওঁ কয় যে, “মই “দেৱী” ৰ পৰিচালক প্ৰিয়ংকা বেনাৰ্জী” ৰ সৈতে চচিয়েল মিডিয়া যোগে কথা পাতিবলৈ চেষ্টা কৰিছিলো আৰু তেওঁৰ পৰা ছবি দুখনৰ ক্ষেত্ৰত বিশ্লেষণ বিচাৰিছিলো। কিন্তু তেওঁৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাত মই চচিয়েল মিডিয়াত মোৰ ছবিখন বিভিন্ন দৰ্শকৰ মাজত শ্বেয়াৰ কৰি তেওঁলোককেই “দেৱী” আৰু মোৰ ছবিৰ মাজত থকা সামঞ্জস্য বোৰ বিচাৰ কৰি উলিয়াব দিছিলো।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.