চলচিত্ৰৰ এই বৃহৎ জগত খনত অন্তৰ্ভূক্ত প্ৰত্যেকখন ক্ষেত্ৰই জনপ্ৰিয়। এই ক্ষেত্ৰসমূহত সোমাই পৰা একো একোজন তাৰকাই এই ছবি ক্ষেত্ৰ সমূহক সুন্দৰ কৰি তোলে। তেওঁলোকৰ অভিনয় তথা তেওঁলোকৰ সৌন্দৰ্য্যৰে ছবিক্ষেত্ৰৰ প্ৰতি আকৰ্ষিত হয় বহু দৰ্শক। ঠিক তেনেদৰে অসমীয়া ক্ষেত্ৰ খনত এনে কেইগৰাকী মান অভিনেত্ৰী আছে; যিসমূহৰ অনুৰাগীৰ সংখ্যা লেখত ল’বলগীয়া। চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এওঁলোকৰ ফটো তথা আপলোড কৰা ভিডিঅ’সমূহ। তাতেই আকৌ যদি অসমীয়া সাঁজেৰে দৰ্শকৰ আগত “ৰেম্প ৱাঁক” কৰে তেনেহ’লে ইয়াতকৈ অধিক আৰু কি সোণত সুঁৱগা হ’ব পাৰে?

কিছুদিন পূৰ্বে গুৱাহাটীত অনুষ্ঠিত “Celebrating North-East 10th edition” ত দহ গৰাকী অসমীয়া ডিজাইনাৰৰ সাজ-পাৰ পৰিধান কৰি ৰেম্পত খোজ দিয়ে মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়া, আইমী বৰুৱা তথা গায়িকা দীপলিনা ডেকা আৰু সুবাসনা দত্তই। প্ৰত্যেক গৰাকীৰ ৰেম্পত দিয়া খোজে আৰু পৰিধান কৰা সাঁজ-পাৰে আকৰ্ষণ কৰে দৰ্শকক। চচিয়েল মিডিয়াতো বহুল ৰূপত ভাইৰেল হৈ পৰিছে এওঁলোকৰ ফটো সমূহ। চাওঁচোন আহকঃ
অভিনেত্ৰী কেইগৰাকীৰ এই ফটোসমূহত অনুৰাগীৰ কমেন্টৰ ভিৰ উল্লেখনীয়। কোনোবাই যদি তেওঁলোকৰ সৌন্দৰ্য্যৰ প্ৰশংসা কৰিছে তাতেই আকৌ কোনোৱে তেওঁলোকক ভগৱানে সময় লৈ সৃষ্টি কৰিছে বুলি মন্তব্য কৰিছে।

উল্লেখ্য যে, অসমীয়া ছবি “ৰত্নাকৰ” ৰ বৃহৎ সফলতাৰ পিছত বৰষা ৰাণীৰ জনপ্ৰিয়তাই যেন আকাশ চুইছে। কেইবাজনো কন্ঠশিল্পীৰ গীতৰ ভিডিঅ’ ত অভিনীত বৰষা বৰ্তমান একটিভ সামাজিক কামতো। বিগত দিনত হোৱা “কা” বিৰোধী আন্দোলনত সক্ৰিয় ভূমিকা পালন কৰিছিল বৰষা ৰাণী বিষয়াই। আনহাতে, আকৌ “কা” বিৰোধী আন্দোলনত অংশ নোলোৱাৰ ফলত আইমী বৰুৱা হৈ পৰিছিল অসমীয়া ৰাইজৰ বাবে দোষী। ইয়াৰ লগতে, গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা “৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ড” ত আইমীয়ে বিকৃত বিহু নচা বুলি মন্তব্য কৰিও বিভিন্ন জনে অভিনেত্ৰী গৰাকীক কটু বাক্য শুনাইছিল।
“Celebrating North-East 10th edition” ৰ ৰেম্পত খোজ দিয়া কেইবাটাও জনপ্ৰিয় গীতৰ গৰাকী কন্ঠশিল্পী সুবাসনা দত্ত তেওঁৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত “মইনাকণ বাখৰ” শীৰ্ষক গীতটিৰ সফলতাক লৈ সুখী। এইখিনিতে, আপোনালোকক জনাই থওঁ যে কন্ঠশিল্পী নীলোৎপল বৰা আৰু সুবাসনাৰ কন্ঠৰে আহি আছে এক প্ৰকল্প। লগতে, বৃহৎ অংকৰ অনুৰাগী গোটাবলৈ সক্ষম হোৱা দীপলিনা ডেকাক “নাৰী দিৱস” ৰ দিনা “বিন্দু” আলোচনী আৰু “শিল্পীৰ দাপোণ” কাকতৰ সৌজন্যত অসম ৰাজ্যিক সংগ্ৰহালয়, কনকলতা বৰুৱা প্ৰেক্ষাগৃহত “কলাশ্ৰী” সন্মান প্ৰদান কৰা হয়। এইকেই গৰাকী শিল্পীৰ জনপ্ৰিয়তা আপোনালোকক নক’লেও অৱশ্যে বুজি পোৱাটো একেবাৰেই সম্ভৱ।
Add comment