“পেডেল মাৰি মাৰি” অথবা “চেনীমাই” ৰ দ্বিতীয়টো সংস্কৰণৰ মুক্তিৰ পিছত বাবুয়ে আকৌ এবাৰ তেওঁৰ জনপ্ৰিয় গীত এটাৰ দ্বিতীয়টো সংস্কৰণ মুক্তি দিবলৈ সাজু হৈ পৰিছে। বিগত বছৰত মুক্তিপ্ৰাপ্ত এই গীতটিয়ে অলপতে ইউটিউবত লাভ কৰিবলৈ সক্ষম হৈছিল ১৫ মিলিয়ন ভিউৱাৰচ। বাবুৰ এই গীতটিৰ নাম হৈছে “ৰুক্মিণী”। এই গীতটিৰে “২.০” সংস্কৰণ মুক্তিৰ বাবে প্ৰস্তুত হৈছে কন্ঠশিল্পী গৰাকী। উল্লেখ্য যে, এই গীত সমূহৰ সমান্তৰালকৈ বাবুয়ে আৰম্ভ কৰিছে “Its possible save a life” শীৰ্ষক এক কাৰ্যসূচী; য’ত তেওঁ নিৰীহ লোক সমূহক প্ৰদান কৰিব বিনামূলীয়া ঔষধ। উক্ত কাৰ্যসূচীৰ বাবে চচিয়েল মিডিয়াত কন্ঠশিল্পী গৰাকীয়ে নিজেই কিছু আপডেটৰ জৰিয়তে ৰাইজক তেওঁৰ এই পদক্ষেপক সঁহাৰি জনাবলৈ আহ্বান জনায়।


বাবুয়ে নিজৰ গীতবোৰৰ দ্বিতীয় সংস্কৰণ সমূহ মুকলি কৰি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈ পৰিছে। “পেডেল মাৰি মাৰি ২.০” লগতে “চেনীমাই ২.০” য়ে বৰ্তমানেও ইউটিউবত শ্ৰোতাৰ সঁহাৰি লাভ কৰিছে। আগন্তুক “ৰুক্মিণী ২.০” গীতটো মুক্তি লাভ কৰিব চলিত মাহৰ ২৫ তাৰিখে। গীতটিত কথা-সুৰ আকাশৰ। পূৰ্বৰ “ৰুক্মিণী” গীতটি আকৌ এবাৰ উপভোগ কৰিবলৈ তলত দিয়া লিংকটি ক্লিক কৰকঃ
আপোনালোকক জনাই থওঁ যে, কোনো ধৰণৰ বিতৰ্কই চুব নোৱাৰা বাবু বিগত বৰ্ষত ৰাইজৰ দোষী হৈ পৰিছিল। তেওঁৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত গীত “মাজুলী গাভৰু” ক লৈ ক্ষোভিত হৈছিল সাধাৰণ জন। উক্ত গীতটিত সত্ৰীয়া সংস্কৃতিক বিকৃত ৰূপ দিয়া বুলি মন্তব্য কৰাৰ পিছতেই কন্ঠশিল্পী গৰাকীক নিষিদ্ধ কৰা হৈছিল মাজুলীত প্ৰৱেশৰ পৰা। অৱশেষত গীতটিক লৈ বাবুয়ে ক্ষমা বিচৰাৰ লগতে গীতটিৰ ভিডিঅ’ ইউটিউবৰ পৰাা ডিলিট কৰি নতুন ৰূপত উপস্থাপন কৰা হৈছিল। ইয়াৰ পিছতেই বাবুৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত গীতসমূহত ভিউৱাৰচৰ সংখ্যা অধিক হোৱা লগতে ই শ্ৰোতাক মনোৰঞ্জন কৰাবলৈও সক্ষম হৈছে।
Add comment