চুপাৰষ্টাৰ অভিনেত্ৰী তমন্না ভাটিয়াই নিজৰ জীৱন নিজ চৰ্তনুসৰি জীয়াবলৈ বিচাৰে। তেওঁৰ অভিনয়ৰ লগতে “এয়াৰপোৰ্ট লুক” ৰ বাবেও চৰ্চা লাভ কৰে চচিয়েল মিডিয়াত। “বাহুৱলী” আৰু “বাহুৱলী ২” ৰ পৰা এই ক্ষেত্ৰখনত নিজক প্ৰতিষ্ঠিত কৰা এই গৰাকী অভিনেত্ৰী বলীউড অভিনেতা ঋত্বিক ৰোশনৰ অনুৰাগী। এক সাক্ষাৎকাৰত তমন্নাই স্বয়ম্বৰত ঋত্বিক ৰোশনক বিচাৰে বুলিও মন্তব্য কৰে। এটা সাক্ষাৎকাৰত তমন্নাক যেতিয়া সোধা হৈছিল যে তেওঁৰ যদি কেতিয়াবালৈ স্বয়ম্বৰ পতা হয় তেতিয়াহ’লে এই স্বয়ম্বৰত অভিনেত্ৰী গৰাকীয়ে কোন তিনিজন অভিনেতাক বিচাৰিব?


এই প্ৰশ্নৰ উত্তৰত তমন্নাই ঋত্বিক ৰোশন,বিকি কৌশল আৰু প্ৰভাসৰ নাম লয়। ইয়াৰ লগতে অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ অনস্ক্ৰীণ “ন কিছিং” পলিচিৰ ব্যৱহাৰ কৰে কিন্তু কোনো ছবিত যদি ঋত্বিক ৰোশন থাকে তেনেহ’লে তেওঁ এই পলিচিৰ উলংঘন কৰিবলৈও হয়টো প্ৰস্তুত হৈ পৰিব। উল্লেখ্য যে, ঋত্বিক ৰোশনক যেতিয়া তমন্নাই তেওঁৰ “অনুৰাগী” বুলি চিনাকী দিছিল তেতিয়াই ঋত্বিকে তমন্নাক ফটো উঠিবলৈ মাতিছিল আৰু এই খন ফটোৱে চচিয়েল মিডিয়াত এটা সময়ত ভাইৰেল হৈ পৰিছিল।
1 comment