Rupaliparda.com
দীপিকাক ক'লে স্বামী ৰণৱীৰে "বেবী, দয়া কৰা"- 1

দীপিকাক ক’লে স্বামী ৰণৱীৰে “বেবী, দয়া কৰা”-

বলীউডৰ জনপ্ৰিয় বিবাহিত যুঁটি সমূহৰ ভিতৰত উল্লেখনীয় যুঁটিটো হৈছে ৰণৱীৰ সিং আৰু দীপিকা পাডুকনৰ। পাৰ্টী অথবা কোনো অনুষ্ঠানত প্ৰায়ে ৰণৱীৰে পত্নী দীপিকাৰ প্ৰশংসা কৰাৰ লগতে দীপিকাৰ ফটো সমূহত ৰণৱীৰৰ কমেন্টো থাকে উল্লেখনীয়। দীপিকাৰ প্ৰায় প্ৰত্যেকখন ফটোতেই দেখিবলৈ পোৱা যায় ৰণৱীৰৰ কমেন্ট। বৰ্তমান দুয়ো গৰাকী ব্যস্ত তেওঁলোকৰ আগন্তুক ছবি “৮৩” ক লৈ। আনহাতে, শেহতীয়াকৈ দীপিকাই ইন্টাৰনেচনেল এলে মেগাজিনৰ বাবে এটা ফটোশ্বুট কৰে। উক্ত ফটোশ্বুটৰে কেইবাখনো ফটো তেওঁ নিজ ইনষ্টাগ্ৰাম একাউন্টত শ্বেয়াৰ কৰে; য’ত কেইবাজনো অনুৰাগীৰ লগতে ৰণৱীৰ সিঙেও ফটোখনত কমেন্ট কৰে।

দীপিকাক ক'লে স্বামী ৰণৱীৰে "বেবী, দয়া কৰা"- 2


সাগৰৰ পাৰত থকা এখন ফটোত ৰণৱীৰে কমেন্ট কৰি কয় যে, “বেবী, দয়া কৰা”। স্বামী-স্ত্ৰী ৰ এই যুঁটিটোৰ অনুৰাগীও আছলতে অসংখ্য। উল্লেখ্য যে, আগন্তুক খেলভিত্তিক “৮৩” ছবিখনত স্বামী-স্ত্ৰীৰ ৰূপতেই দেখিবলৈ পোৱা যাব দীপিকা-ৰণৱীৰক। কবীৰ খান দ্বাৰা পৰিচালিত এই ছবিখনত ক্ৰিকেটাৰ কপিল দেৱৰ জীৱন যাত্ৰাক দেখুওৱাৰ লগতে ১৯৮৩ চনত কেনেদৰে ভাৰতে বিশ্বকাপ জিকিবলৈ সক্ষম হৈছিল তাকেই দেখুওৱা হ’ব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform