Rupaliparda.com
"ফাগুনৰ আকাশক আজি" গীতেৰে আকৌ ৰূপম ভূঞাৰ জনপ্ৰিয়তাঃ 1

“ফাগুনৰ আকাশক আজি” গীতেৰে আকৌ ৰূপম ভূঞাৰ জনপ্ৰিয়তাঃ

যুৱ প্ৰজন্মৰ মন পৰশা কন্ঠৰ গৰাকী সমূহৰ ভিতৰত উল্লেখনীয় এগৰাকী কন্ঠশিল্পী হৈছে ৰূপম ভূঞা। গুৱাহাটী মহানগৰীত জন্মগ্ৰহণ কৰা এই গৰাকী শিল্পীয়ে সৰুৰ পৰা বিভিন্ন “মইনা মেল”, “মইনা পাৰিজাত” আদি অনুষ্ঠানত অংশগ্ৰহণ কৰি সংগীত ক্ষেত্ৰখনৰ সৈতে চিনাকী হৈছিল। “Indian Fusion Band North East Breeze” শীৰ্ষক সংগীত গোষ্ঠীটোৰ মূল ব্যক্তি ৰূপম ভূঞাই অনুৰাধা, মমতাজ, আকাশ চুবৰ মন আদি কেইবাখনো ছবিত কন্ঠদান কৰাৰ লগতে “গজল” ও তেওঁ পৰিৱেশন কৰে। গীতসমূহৰ জনপ্ৰিয়তাৰ সমান্তৰাককৈ কন্ঠশিল্পী গৰাকীৰ অনুৰাগীৰ সংখ্যাও লেখত ল’বলগীয়া।

"ফাগুনৰ আকাশক আজি" গীতেৰে আকৌ ৰূপম ভূঞাৰ জনপ্ৰিয়তাঃ 2
"ফাগুনৰ আকাশক আজি" গীতেৰে আকৌ ৰূপম ভূঞাৰ জনপ্ৰিয়তাঃ 3


শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ৰূপম ভূঞাৰ এটি নতুন গীতে আকৌ এবাৰ শ্ৰোতাৰ হৃদয় চুবলৈ সক্ষম হয়। “ফাগুনৰ আকাশক আজি” শীৰ্ষক ৰোমান্টিক গীতটি এতিয়া পচন্দ কৰিছে বহুলোকে। উক্ত গীতটিৰ কথা -সুৰ দীপাংকৰ শইকীয়াৰ লগতে ইয়াত সংগীত দিছে বিভূতি গগৈয়ে। গীতটিত শব্দ সংমিশ্ৰণৰ দায়িত্বত আছিল দিগন্ত বৰদলৈ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform