Rupaliparda.com
দীপালী বৰঠাকুৰ-নীলপৱন বৰুৱাৰ প্ৰেমৰ কাহিনীৰে অসমীয়া ছবিঃ 1

দীপালী বৰঠাকুৰ-নীলপৱন বৰুৱাৰ প্ৰেমৰ কাহিনীৰে অসমীয়া ছবিঃ

পদ্মশ্ৰী সন্মান, অসম চৰকাৰৰ শিল্পী বঁটা, লিঅ’ এক্সপো শিল্পী সন্মান লগতে আইদেউ সন্দিকৈ বঁটা লাভ কৰা দীপালী বৰঠাকুৰ হৈছে অসমীয়া সংগীত জগত খনৰ এটা চিনাকী নাম। কেইবাটাও জনপ্ৰিয় গীতৰ গৰাকী দীপালী বৰঠাকুৰে তেওঁৰ সংগীত জীৱনত অতি কমেও ৩০ টাতকৈ অধিক গীতত কন্ঠদান কৰিছে। “চেনাই মই যাওঁ”, “সোণৰ খাৰু নালাগে মোক”, ইত্যাদি তেওঁৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত গীতসমূহ বৰ্তমানেও জনপ্ৰিয়। ৭৭ বছৰ বয়সত ইহলীলা সম্বৰণ কৰা দীপালী বৰঠাকুৰৰ বিবাহ হৈছিল এগৰাকী চিত্ৰকাৰ নীলপৱন বৰুৱাৰ সৈতে।

দীপালী বৰঠাকুৰ-নীলপৱন বৰুৱাৰ প্ৰেমৰ কাহিনীৰে অসমীয়া ছবিঃ 2
দীপালী বৰঠাকুৰ-নীলপৱন বৰুৱাৰ প্ৰেমৰ কাহিনীৰে অসমীয়া ছবিঃ 3


দীপালী বৰঠাকুৰৰ কন্ঠ তথা নীল পৱন বৰাৰ চিত্ৰৰ সমান্তৰালকৈ জনপ্ৰিয় আছিল তেওঁলোকৰ প্ৰেম কাহিনী। তেওঁলোকৰ এই বৈবাহিক জীৱন তথা তেওঁলোকৰ প্ৰেমৰ চৰ্চা বৰ্তমানেও সাধাৰণ জনৰ মুখে মুখে। দুয়োৰে মাজত থকা এই প্ৰেমক লৈয়ে এতিয়া নিৰ্মাণ কৰা হ’ব এখন অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি। বৰ্তমান স্ক্ৰীপ্টৰ কাম চলি থকা এই ছবিখনৰ বিশেষ তথ্য সমুখলৈ অহা নাই যদিও ছবিখন নিৰ্মাণৰ অনুমতি ইতিমধ্যে লাভ কৰা হৈছে। চলিত বৰ্ষৰ শেষৰ ফালে নহ’লে ২০২১ চনৰ প্ৰথমৰ পৰা আৰম্ভ হ’ব পাৰে এই ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform