Rupaliparda.com
জ্যোতিচিত্ৰৱনত মুকলি কৰা হ'ব "লখিমী" ৰ ট্ৰেইলাৰঃ 1

জ্যোতিচিত্ৰৱনত মুকলি কৰা হ’ব “লখিমী” ৰ ট্ৰেইলাৰঃ

বিশ্বজিৎ বৰাৰ দ্বাৰা পৰিচালিত আগন্তুক অসমীয়া ছবি “লখিমী” ৰ মুক্তিলৈ মাজত মাত্ৰ কেইটামান দিন। উক্ত ছবিখনে মুক্তিৰ পূৰ্বৰ পৰাই দৰ্শকৰ মাজত উৎসাহৰ সৃষ্টি কৰি ৰাখিছে। কেইবাগৰাকীও ন-পূৰণি শিল্পীৰ অন্তৰ্ভূক্তিৰে নিৰ্মিত এই ছবিখনত থাকিব পলিটিকেল থ্ৰীলাৰৰ মছলা। ৰাজনৈতিক প্ৰেক্ষাপটত চলা বিভিন্ন কূটনীতিকে আদি কৰি ঘটা-পৰিঘটনা সমূহক উপস্থাপন কৰা হৈছে এই ছবিখনত। টিজাৰ তথা গীতখনত অন্তৰ্ভূক্ত দুটি গীতৰ মুক্তিৰ পিছত চলিত মাহৰ ১৭ তাৰিখে মুক্তি পাবলৈ সাজু হৈছে ছবিখনৰ ট্ৰেইলাৰ।

জ্যোতিচিত্ৰৱনত মুকলি কৰা হ'ব "লখিমী" ৰ ট্ৰেইলাৰঃ 2


এনে পৰিপ্ৰেক্ষিততেই, উক্ত দিনাখন গুৱাহাটীস্থিত জ্যোতি চিত্ৰৱনত ছবিখনৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আমেৰিকা নিবাসী ভাৰতীয় মূলৰ মহেশ চিৰলাৰ দ্বাৰা প্ৰযোজিত এই ছবিখনে অসমীয়া ছবিৰ ক্ষেত্ৰখনত আকৌ এক নতুন সোঁৱাদ দিবলৈ সক্ষম হ’ব বুলি আশা কৰিছে পৰিচালক বিশ্বজিৎ বৰাই। উল্লেখ্য যে, ছবিখনৰ নিৰ্মাতা ও কলা-কুশলীয়ে আয়োজন কৰিছে এক প্ৰতিযোগিতাৰ।

ছবিখনত অন্তৰ্ভূক্ত দুটি ক্ৰমে “অগ্নিশিখা” আৰু “লখিমী” ত নিজ কন্ঠৰে কন্ঠদান কৰি আপুনি লাভ কৰিব পাৰে ছবিখনৰ সমূহ শিল্পীৰ সৈতে এসাঁজ খোৱাৰ সুবিধা। আনহাতে, যিগৰাকীৰ কন্ঠই পৰিচালক বিশ্বজিৎ বৰাক আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব তেওঁ পৰিচালক গৰাকীৰ আগন্তুক ছবিখনত কন্ঠদান কৰাৰ সুবিধা লাভ কৰিব। অহা ২৪ এপ্ৰিল তাৰিখে মুক্তি লাভ কৰিব “লখিমী”।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform