অসমীয়া ছবি ক্ষেত্ৰ খনৰ বাবে আজি এক বিশেষ দিন। ১৯৩৫ চনৰ আজিৰ দিনটোতেই মুক্তি লাভ কৰিছিল প্ৰথমখন অসমীয়া ছবি “জয়মতী”। “জয়মতী” ছবিখনে আজি সগৌৰৱেৰে অতিক্ৰম কৰিলে নিজ ৮৫ টা বছৰ। যেতিয়াই কোনো লোকে অসমীয়া ছবি জগত খনৰ উল্লেখ কৰিব;সমান্তৰালকৈ উল্লেখ কৰিব লাগিব জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত ছবি “জয়মতী” ৰ। কলিকতাৰ ৰৌণক থিয়েটাৰত ১০ মাৰ্চত মুকলি কৰা ছবিখনৰ কাম আৰম্ভ হৈছিল ১৯৩৩ চনৰ পৰা। ভোলাগুৰি চাহ বাগিচাত ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে পৰিচালক জ্যোতিপ্ৰসাদ আগৰৱালাই নিজাববীয়াকৈ সজাই লৈছিল “চিত্ৰৱন ষ্টুডিঅ”। ছবিখনৰ উদ্ঘাটন কৰিছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই।

গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত মুক্তি লাভ কৰা এই ছবিখনে দৰ্শকৰ আশানুৰূপ সঁহাৰি লাভ নকৰাৰ ফলত বহু লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল। উল্লেখ্য যে, দৰ্শকক আকৰ্ষিত কৰিব নোৱাৰাৰ বাবে সম্পূৰ্ণ দোষ নিজৰ ওপৰত লৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ছবিখন হেৰাই যোৱা বুলি মানি লোৱা হৈছিল যদিও জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভাতৃ হৃদয়ানন্দ আগৰৱালাই ছবিখনৰ সাতোটা ৰীল গেৰেজ ঘৰত পৰি থকা আৱিষ্কাৰ কৰে। সোতৰ শতিকাৰ অসম বুৰঞ্জীৰ আধাৰত নিৰ্মিত “জয়মতী” ত ৰাছিয়ান চলচিত্ৰৰ মন্তাজৰ প্ৰকাশ দেখা পোৱা যায়।


“জয়মতী” ত অভিনয় কৰিছিল আইদেউ! সন্দিকৈ, স্বৰ্গজ্যোতি বৰুৱা, মনোভিৰাম বৰুৱা, ফণী শৰ্মা, স্নেহ চন্দ্ৰ বৰুৱা, নৰেন বৰদলৈ, ৰানা বৰুৱা, চামচুল হক, ৰাজেন বৰুৱা, পুতুল হক, প্ৰতাপ বৰুৱা, ৰাজকুমাৰী গোহাই, সুবৰ্ণৰেখা শইকীয়া, ললিত, মোহন চৌধুৰী, বনমালী দাস, প্ৰফুল্ল চন্দ্ৰ বৰুৱা, কমলা প্ৰসাদ আগৰৱালা, ফুনু বৰুৱা আৰু মোহিনী ৰাজকুমাৰীয়ে।
Add comment