Rupaliparda.com
"এতিয়াও মুম্বাইলৈ নিয়া হোৱা নাই জুবিন গাৰ্গক"- জুবলী 1

“এতিয়াও মুম্বাইলৈ নিয়া হোৱা নাই জুবিন গাৰ্গক”- জুবলী

হাৰ্টথ্ৰৱ জুবিন গাৰ্গক ইতিমধ্যে নেমকেয়াৰ হাস্পাতালৰ পৰা লৈ অনা হৈছে। এক অনুষ্ঠান যোগে স্বাস্থ্যৰ অৱনতি ঘটা বাবেই তেওঁক যোৱা এসপ্তাহ ধৰি ৰখা হৈছিল নেমকেয়াৰ হাস্পাতালত। এইখিনিতে কোৱা হৈছিল যে জুবিন গাৰ্গক কিছু দিনৰ জিৰণিৰ বাবে হয়টো লৈ যোৱা হ’ব তেওঁৰ মুম্বাইস্থিত আন্ধেৰিৰ ঘৰটোত। য’ত তেওঁ কিছু সময় জিৰণি লোৱা লগতে নিজৰ লগত সময় কটাব পাৰিব। কিন্তু, এই কথা সম্পূৰ্ণ সঁচা নহয় বুলি মত ব্যক্ত কৰে কন্ঠশিল্পী জুবলীয়ে। এক ব্যক্তিগত সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰ অনুসৰি তেওঁ কয়,

"এতিয়াও মুম্বাইলৈ নিয়া হোৱা নাই জুবিন গাৰ্গক"- জুবলী 2


“জুবিন দা এতিয়া সম্পূৰ্ণ সূস্থ যদিও তেওঁক অকণমান জিৰণিৰ প্ৰয়োজন। যিহেতু তেওঁ সদায় নিজক কম সময় দি ৰাইজক বেছি সময় দিছে গতিকে এনেক্ষেত্ৰত বৰ্তমান তেওঁ নিজক সময় দিয়াটো অত্যন্ত জৰুৰী। তেওঁক এতিয়াও মুম্বাইলৈ নিয়া হোৱা নাই; আমি মাত্ৰ ভাবিচোহে যে তেওঁৰ যিহেতু তাত এটা নিজৰ ঘৰ আছে গতিকে তাত জিৰণি লোৱাটো।”

"এতিয়াও মুম্বাইলৈ নিয়া হোৱা নাই জুবিন গাৰ্গক"- জুবলী 3


ইয়াৰ উপৰিও বহাগ বিহুত মঞ্চত গীত গাবলৈ জুবিন গাৰ্গ আহিবনে নাই বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে জুবিন গাৰ্গৰ সেয়া সম্পূৰ্ণ নিজৰ ইচ্ছা। তেওঁৰ মন গ’লে আহিবও পাৰে বুলি কোৱাৰ লগতে জুবলীয়ে ৰাইজক আহ্বান জনায় মিছা তথ্যৰ ভিত্তিত কোনো বাতৰি অথবা চচিয়েল মিডিয়াত কোনো ধৰণৰ আপডেট নকৰিবলৈ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform