Rupaliparda.com
মুনমী কলিতা-দীপলিনালৈ "কলাশ্ৰী" সন্মানঃ 1

মুনমী কলিতা-দীপলিনালৈ “কলাশ্ৰী” সন্মানঃ

এগৰাকী নাৰীয়ে হৈছে সৃষ্টিৰ মূল। তেওঁ মাতৃ, জী, ভগ্নী, পত্নী আদিকে ধৰি বিভিন্ন গুৰু গম্ভীৰ চৰিত্ৰ একেটা সময়তে ৰূপায়ন কৰিবলগীয়া হয় এই জীৱন নামৰ নাটখনত। নাৰীৰ প্ৰতি শ্ৰদ্ধা অথবা তেওঁলোকক সকলো সময়তে সম মৰ্যাদা প্ৰদান কৰাতো সকলো ব্যক্তিৰে কৰ্তব্য। যোৱা ৮ মাৰ্চ তাৰিখে সমগ্ৰ বিশ্বতে “আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস” উদযাপন কৰা হৈছিল। বিভিন্ন জনে প্ৰেৰণাদায়ক বাক্যৰে চচিয়েল মিডিয়াত পোষ্ট কৰাও দেখিবলৈ পোৱা গৈছিল। সাধাৰণ জনৰ লগতে নাৰীক শুভেচ্ছা জ্ঞাপন কৰি পোষ্ট দিছিল চিলেব্ৰেটী সমূহেও। এই “নাৰী দিৱস” ৰ সময়ছোৱাতে অসমীয়া সাংস্কৃতিক ক্ষেত্ৰৰ দুগৰাকী শিল্পীক যঁচা হয় বিশেষ সন্মান। এই শিল্পী দুগৰাকী হৈছে ক্ৰমে দীপলিনা ডেকা আৰু মুনমী কলিতা।

View this post on Instagram

Thanku so much #Award#Kalasree#

A post shared by Munmi Kalita (@k.munmi) on


“বিন্দু” আলোচনী আৰু “শিল্পীৰ দাপোণ” কাকতৰ সৌজন্যত নাৰী দিৱসৰ দিনাই অসম ৰাজ্যিক সংগ্ৰহালয়, কনকলতা বৰুৱা প্ৰেক্ষাগৃহত দুয়োগৰাকী শিল্পীক “কলাশ্ৰী” সন্মান প্ৰদান কৰা হয়। উক্ত দুয়ো গৰাকী শিল্পী ক্ৰমে দীপলিনা আৰু মুনমীয়ে নিজ নিজ ইনষ্টাগ্ৰাম পোষ্ট কৰি এই কথা দৰ্শকক জানিবলৈ দিয়ে। ফটো শ্বেয়াৰ কৰাৰ লগতে “নাৰী দিৱস” ৰ দিনাই এই মৰ্যাদা সম্পন্ন সন্মান লাভ কৰাত দুয়োগৰাকী শিল্পী উৎসাহিতও হৈ পৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform