Rupaliparda.com
হিট নে ফ্লপ শেহনাজ-পাৰসৰ "মুঝসে শাদী কৰোগে?" 1

হিট নে ফ্লপ শেহনাজ-পাৰসৰ “মুঝসে শাদী কৰোগে?”

কালাৰ্ছৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ “বিগ বছ ১৩” ৰ সমাপ্তিৰ পিছতেই দৰ্শকৰ মনোৰঞ্জনৰ বাবে আৰম্ভ কৰা হৈছিল “মুঝছে শাদী কৰোগে?”; য’ত পাৰস আৰু শেহনাজ গিলে কেইবাগৰাকীও প্ৰতিযোগীৰ মাজত নিজ জীৱনসংগীৰ বিচাৰ কৰি শ্ব’টোত অংশগ্ৰহণ কৰিছিল। কিন্তু, বিগ বছ ১৩ য়ে পোৱা টি.আৰ.পি অনুসৰি শেহতীয়াকৈ আৰম্ভ হোৱা এই শ্ব’টোৱে সিমান টি.আৰ.পি লাভ কৰিবলৈ সক্ষম হোৱা নাই। ফলত, এই শ্ব’টো বন্ধ হোৱাৰ বিভিন্ন খবৰ অহা দেখিবলৈ পোৱা গৈছে। আনহাতে, এই খবৰ সমূহক নাকচ কৰি বৰ্তমান নিজ মুখ খুলিছে পাৰস সাবৰাই।

হিট নে ফ্লপ শেহনাজ-পাৰসৰ "মুঝসে শাদী কৰোগে?" 2
হিট নে ফ্লপ শেহনাজ-পাৰসৰ "মুঝসে শাদী কৰোগে?" 3


পিংকভিলাৰ সৈতে হোৱা কথা বতৰাত শ্ব’টো বন্ধ হোৱা কোনো খবৰ তেওঁ বৰ্তমানলৈ পোৱা নাই বুলি কোৱাৰ লগতে তেওঁ কয়, “মুঝসে শাদী কৰোগে?” এই শ্ব’টোত শেহনাজ আৰু তেওঁৰ ভাতৃ শেহৱাজৰ যুঁটিটো অধিক জনপ্ৰিয় হৈ পৰিছে দৰ্শকৰ মাজত লগতে ইয়াত বহু কেইজন সফল ল’ৰা-ছোৱালীও আহিছে; তেওঁলোকেই নতুন কন্টেন্ট আৰু আইডিয়া লগত আনে গতিকে এনেক্ষেত্ৰত এই শ্ব’টোৱে এতিয়াহে টি.আৰ.পি লাভ কৰিবলৈ সক্ষম হৈছে।” লগতে পাৰসে নিজেই এই শ্ব’টো আগলৈ লৈ যাম বুলি ব্যক্ত কৰে সাংবাদিকৰ ওচৰত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.