২০১৮ বৰ্ষত মুক্তিপ্ৰাপ্ত বলীউড ছবি “বধাই হো” য়ে দৰ্শকৰ বহুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল। ছবিখনে দৰ্শকক মনোৰঞ্জন কৰোৱাৰ লগতে ই কেইবাগৰাকীও তাৰকাৰ জীৱনৰ “টাৰ্নিং পইন্ট” ৰূপে পৰিগণিত হৈছিল। এই ছবিখনত আয়ূসমান খুৰানা আৰু অভিনেত্ৰী সনায়া মালহোত্ৰােৰ অভিনয়কো দৰ্শকে যথেষ্ট পচন্দ কৰিছিল। ছবিখনৰ এনে সফলতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এতিয়া ছবিখনৰ দ্বিতীয়টো সংস্কৰণ নিৰ্মাণৰ প্ৰস্তুতি চলিছে। কিন্তু, এই খিনিতে উল্লেখ্য যে; “বধাই হো” ৰ দ্বিতীয়টো সংস্কৰণত নাথাকে অভিনেতা আয়ূসমান খুৰানা ও সনায়া।


ইয়াৰ সলনি, ছবিখনত অভিনয় কৰিব ৰাজকুমাৰ ৰাওঁয়ে। ইয়াৰ লগতে, ৰাজকুমাৰৰ বিপৰীতে ছবিখনত অভিনয় কৰিব ভূমি পেডনেকাৰে। কোৱা বাহুল্য যে, এই ছবিখনত পোন প্ৰথমবাৰ বাবে দেখিবলৈ পোৱা যাব ৰাজকুমাৰ আৰু ভূমিৰ যুঁটিটোক। “বধাই হো ২” ত ৰাজকুমাৰে এগৰাকী আৰক্ষীৰ চৰিত্ৰ ৰূপায়ন কৰিব আৰু আনহাতে ভূমিয়ে ৰূপায়ন কৰিব শিক্ষয়িত্ৰীৰ চৰিত্ৰ।
Add comment