Rupaliparda.com
জুবিনক জুবলীয়ে দিলে "বাঘ" আখ্যাঃ ক'লে তেওঁক "নিজা সময়" ৰ প্ৰয়োজন- 1

জুবিনক জুবলীয়ে দিলে “বাঘ” আখ্যাঃ ক’লে তেওঁক “নিজা সময়” ৰ প্ৰয়োজন-

জুবলিয়ে জুবিন গাৰ্গক দিলে “বাঘ” আখ্যা। ক্ৰমাৎ সুস্থ হৈ উঠা শিল্পী জুবিন গাৰ্গৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি জুবলিয়ে এই আখ্যা হাৰ্টথ্ৰৱ গৰাকীক দিয়ে। “প্ৰজেক্ট বৰগীত” ৰ মুকলি অনুষ্ঠানত হঠাৎ অসুস্থ হৈ পৰা জুবিন গাৰ্গক কিছুদিন পূৰ্বে ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী স্থিত নেমকেয়াৰ হাস্পাতালত। তাৰ পিছত, তেওঁ সুস্থ হৈ উঠিছিল যদিও জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে হাৰ্টথ্ৰৱ গৰাকীৰ অনুৰাগীক আমনি নকৰিবলৈ আহ্বান জনাইছিল। উল্লেখ্য যে, জুবিনৰ ইচ্ছাৰ প্ৰতি লক্ষ্য ৰাখিয়ে নেমকেয়াৰ কৰ্তৃপক্ষৰ দ্বাৰা তেওঁৰ বাবে এক অস্থায়ী ষ্টুডিঅ’ৰ ব্যৱস্থা কৰি দিয়া হৈছিল।

https://www.instagram.com/p/B9d-6NBHuIj/?utm_source=ig_web_copy_link
জুবিনক জুবলীয়ে দিলে "বাঘ" আখ্যাঃ ক'লে তেওঁক "নিজা সময়" ৰ প্ৰয়োজন- 2


যোৱা দেওঁবাৰে মুম্বাইলৈ ৰাওঁনা হোৱা জুবিন গাৰ্গ কিছুদিনৰ বাবে জিৰণি ল’ব আন্ধেৰিৰ বাসগৃহত। সেইবাবেই জুবলিয়ে জুবিনৰ সৈতে এখন ফটো আপলোড কৰি কেপছন দিয়ে যেঃ “সকলোৰে প্ৰাৰ্থনাৰ বাবে ধন্যবাদ। বৰ্তমান সুস্থ হৈছে আমাৰ মৰমৰ জুবিন গাৰ্গ; মাত্ৰ তেওঁক এতিয়া অকণমান “নিজা সময়” ৰ প্ৰয়োজন।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform