অসমীয়া সংস্কৃতিৰ প্ৰতি তীব্ৰ শ্ৰদ্ধাশীল এগৰাকী অসমীয়া অভিনেত্ৰী। নৱাগতা এই গৰাকী অভিনেত্ৰীয়ে অভিনয় জীৱনৰ প্ৰথমটো প্ৰকল্পতেই লাভ কৰিছিল দৰ্শকৰ যথেষ্ট সমাদৰ। এই গৰাকী হৈছে ময়ূৰী গৌতম কলিতা। “পাৰিজাত” চৰিত্ৰটোৰে দৰ্শকৰ মন মুহিবলৈ সক্ষম হোৱা এই গৰাকী অভিনেত্ৰীয়ে “তোমাৰ মৰমে মোক” ধাৰাবাহিকখনৰ পৰা বুটলিছিল সঁহাৰি। কিন্তু, এই গৰাকী অভিনেত্ৰীক যদিহে আকৌ এবাৰ টেলিভিছন পৰ্দাত অনুৰাগীয়ে চাব বিচাৰে তেতিয়াহ’লে তেওঁলোকে কৰিব লাগিব অকণমান অপেক্ষা।


অভিনয়ৰ লগতে শিক্ষাগত জীৱনক সমানে আগবঢ়াই নিয়া ময়ূৰীয়ে বৰ্তমান সম্পূৰ্ণ মনোনিৱেশ কৰিছে তেওঁৰ শিক্ষাগত জীৱনত। কিছু সময়ৰ বাবে অভিনয় জীৱনৰ পৰা ফালৰি কাটি ময়ূৰী এতিয়া ব্যস্ত এম.এ এনেট্ৰেন্স পৰীক্ষাৰ বাবে। আনহাতে, হোলীৰ সময়ছোৱাত আবিৰৰ সৈতে খেলি আপলোড কৰা ময়ূৰীৰ ফটোৱে এতিয়া হৃদয় জিনিছে দৰ্শকৰ।
Add comment