অসমীয়া গায়িকাৰ তালিকাখনত বৰ্তমান দীপলিনা ডেকা হৈছে প্ৰত্যেকজন ডেকাৰ মনৰ ৰাণী। তেওঁৰ হাঁহি অথবা এটা চকুৰ চাঁৱনিয়ে যথেষ্ট; একোজন ডেকাৰ হৃদয় চুই যাবলৈ। নহয়নে? “মিছন চাইনা” ছবিখনত জুবিন গাৰ্গৰ সৈতে অভিনয় কৰাৰ পৰাই গায়িকা গৰাকীৰ অনুৰাগী হৈ পৰিছিল অসংখ্য জন। বৰ্তমান কেইবাটাও জনপ্ৰিয় গীতৰ গৰাকী দীপলিনা ডেকাৰ প্ৰত্যেকটো গীতত ভিউৱাৰচৰ সংখ্যা লেখত ল’বলগীয়া। “চুই দিয়ানা” কে ধৰি কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত গীত “তুমি আহিলে” আদি গীত সমূহৰ চৰ্চা প্ৰত্যেকজনৰ মুখে মুখে।


এনেতে, ২০১৮ চনত মুক্তিপ্ৰাপ্ত দীপলিনাৰ বহু চৰ্চিত গীত “চুই দিয়ানা” ই ইতিমধ্যে অতিক্ৰম কৰিবলৈ সক্ষম হৈছে ১০ লাখতকৈ অধিক ভিউৱাৰচৰ সংখ্যা। দীপলিনাৰ এই গীতটিত কথা লগতে সংগীত দিছিল পলাশ সূৰ্য্য গগৈয়ে আৰু ভিডিঅ’টোত অভিনয় কৰিছে দীপলিনাৰ লগতে দীপাংকৰ মহন্ত আৰু মিন্টু বৰুৱাই। “চুই দিয়ানা” শীৰ্ষক গীতটিৰ ভিডিঅ’ পৰিচালনা আৰু সম্পাদনা কৰিছে তিৰাপ সীমান্ত মেধিয়ে।
Add comment