বিগত দিনত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ শিল্পী জুবিন গাৰ্গ স্বাস্থ্য অৱনতি হোৱাত অসমৰ তবিভিন্ন প্ৰান্তৰ লোকৰ মাজত উৎকন্ঠাই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছিল। চচিয়েল মিডিয়াত শিল্পী গৰাকীক লৈ সাধাৰণ জনে বিভিন্ন পোষ্ট দিয়াৰ লগতে অসমৰ সাংস্কৃতিক জগতৰ কেইবাগৰাকী শিল্পীয়েও চচিয়েল মিডিয়া যোগে জুবিন গাৰ্গৰ আশু আৰোগ্য কামনা কৰি পোষ্ট কৰে। ইয়াৰ ভিতৰতে এগৰাকী শিল্পীয়ে জুবিনৰ সৈতে থকা এখন পূৰণি ফটো আপোলোড কৰি অতীত ৰোমন্থন কৰিছে।

গপচপ ৰেডিঅ’ ত এবছৰ ধৰি কৰ্মৰত হৈ থকা এই গৰাকী শিল্পীয়ে ২০১৩ বৰ্ষত শ্ৰোতাৰ সমুখলৈ আহিছিল “চেভেন আনপ্লাগ” ৰ জৰিয়তে। শিল্পী গৰাকীৰ নাম হৈছে নীলোৎপল বৰা। নীলোৎপল বৰাই ফেচবুক যোগে জুবিন গাৰ্গৰ সৈতে আপলোড কৰা ফটোখনে এতিয়া খলকনি লগাইছে চচিয়েল মিডিয়াত। তেওঁ আপলোড কৰা ফটোখনত কেপচন দিয়ে যে, “এয়া ১৫ বছৰ, কেতিয়াও তেওঁক পৰি যোৱা দেখা নাই আৰু সেয়া চোৱা ইচ্ছাও নাই। কেতিয়াবা তেওঁ মোৰ সৈতে শিশু হৈ পৰে, কেতিয়াবা দেউতা আৰু কেতিয়াবা দাদা।”

উল্লেখ্য যে, ক্ৰমাৎ সুস্থ হৈ উঠা জুবিন গাৰ্গৰ বাবে নেমকেয়াৰ হাস্পাতালতে এক অস্থায়ী ষ্টুডিঅ’ নিৰ্মাণ কৰিছিল হাস্পাতাল কৰ্তৃপক্ষই।
Add comment