Rupaliparda.com
"ৰাইনো এক্সপ্ৰেছ" ৰ ফাৰ্ষ্ট লুক পোষ্টাৰঃ আছে "বলীউড" মছলা- 1

“ৰাইনো এক্সপ্ৰেছ” ৰ ফাৰ্ষ্ট লুক পোষ্টাৰঃ আছে “বলীউড” মছলা-

চলিত বৰ্ষত মুক্তি পাবলৈ সাজু হৈছে কেইবাখনো অসমীয়া ছবি। অসমীয়া ছবিৰ বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ক’ব পৰা যায় যে আগন্তুক গোটেই কেইখন ছবিয়ে হয়টো লাভ কৰিব পাৰে দৰ্শকৰ সঁহাৰি। ছবিখনৰ কাহিনী, পৰিচালনাৰ লগতে ছবিখনত অভিনীত অভিনেতা-অভিনেত্ৰী সমূহৰ অভিনয়েও বহু সময়ত দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়। এইটো বছৰতে মুক্তিপ্ৰাপ্ত ছবি সমূহৰ ভিতৰত উল্লেখযোগ্য এখন হৈছে “ৰাইনো এক্সপ্ৰেছ”। ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ ইতিমধ্যে মুকলি কৰা হৈছে। “ৰাফ এণ্ড টাফ”, “ধম ধমা ধম” ৰ পৰিচালক মণি সিনহাৰ পৰিচালনাৰে শেহতীয়াকৈ নিৰ্মিত এই ছবিখন মুক্তি লাভ কৰিব ৫ জুন তাৰিখে।

"ৰাইনো এক্সপ্ৰেছ" ৰ ফাৰ্ষ্ট লুক পোষ্টাৰঃ আছে "বলীউড" মছলা- 2
"ৰাইনো এক্সপ্ৰেছ" ৰ ফাৰ্ষ্ট লুক পোষ্টাৰঃ আছে "বলীউড" মছলা- 3
"ৰাইনো এক্সপ্ৰেছ" ৰ ফাৰ্ষ্ট লুক পোষ্টাৰঃ আছে "বলীউড" মছলা- 3


একছন-কমেডি সমৃদ্ধ এই ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছে গুৱাহাটীকে ধৰি চানডুবি অঞ্চলত। অমৃতা গগৈ, বিবেক বৰা, উদয় দুৱৰা, সিদ্ধাৰ্থ শৰ্মা, জিত বৰুৱা, ৰাজীৱ বৰঠাকুৰ, জয়ন্ত ভাগৱতী আৰু ৰেখাশ্ৰুতি নাথৰ অভিনয়েৰে নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা কৰিছে অজয় বাৰ্মাই। ৰাজদ্বীপ দে লগতে ডেনিছ আহমেদে ছবিখনত অন্তৰ্ভূক্ত গীতত কথা দিছে।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform