Rupaliparda.com
প্ৰথম আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল "নিৰ্বাক"- 1

প্ৰথম আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল “নিৰ্বাক”-

নতুন প্ৰজন্ম বিভিন্ন ধৰণে বিভিন্ন দিশত আগবঢ়া দেখিবলৈ পোৱা গৈছে। নতুন কাৰ্যৰে নতুনৰ আৰম্ভণি কৰি জনসাধাৰণক আকৰ্ষিতও কৰিছে এওঁলোকে। গীত-মাত, নৃত্যৰ ক্ষেত্ৰত ব্যতিক্ৰমী দিশেৰে আগবঢ়া লগতেই একাংশ নৱপ্ৰজন্ম আগবাঢ়িছে মুকাভিনয় ক্ষেত্ৰৰে। জনপ্ৰিয় মুকাভিনয় শিল্পী মইনুল হকৰ ছাত্ৰ ও ৰাষ্ট্ৰীয় জলপানি প্ৰাপ্ত শিল্পী মিনাংক ডেকাৰ তত্ত্বাৱধানত উলিওৱা হ’ল প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল “নিৰ্বাক”। ২২ মাৰ্চ অৰ্থাৎ “বিশ্ব মুকাভিনয় দিৱস” ৰ দিনাই শিল্পী গৰাকীয়ে জাৰ্নেল খনৰ প্ৰথমটো লুক মুকলি কৰে। মুকাভিনয়ৰ পিতৃৰূপে পৰিগণিত Marcel Marceu জন্মদিনটো “মুকাভিনয় দিৱস” ৰূপে পালন কৰা হয়। গতিকে, উক্ত দিনাই “নিৰ্বাক” শীৰ্ষক মাইম জাৰ্নেল খন মুকলি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও সাম্প্ৰতিক পৰিস্থিতিটোক কেন্দ্ৰ কৰি মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হয়।

প্ৰথম আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল "নিৰ্বাক"- 2


“নিৰ্বাক” ক উদ্দেশ্যি যেতিয়া শিল্পী মিনাংক ডেকাৰ অনুভৱৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কয় যে, “মনেৰে ভাবি থকা কাম এটা কৰি উলিয়াব পাৰিলে নিশ্চয় সকলোৰে ভাল লাগে , তেনেকৈ মোৰো ভাল লাগিছে । “নির্বাক” অসমৰ পৰা প্ৰকাশিত ভাৰতৰ প্ৰথম খন আন্তঃৰাষ্ট্ৰীয় জাৰ্নেল। কিয় এইখন কৰি উলিয়ালো তাৰ দুটামান বিশেষ কাৰণ আছে । সেয়া বৰ্তমানৰ পৰিস্থিতি সুস্থ হ’লেই ব্যক্ত কৰিম। বৰ্তমান সকলোৱে যাতে সজাগ আৰু সাৱধান হৈ থাকে তাৰ বাবে আহ্বান জনালোঁ।”

প্ৰথম আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল "নিৰ্বাক"- 3


উল্লেখ্য যে, কিছুদিন পূৰ্বে মিনাংক ডেকাই ইউটিউব যোগে মুকলি কৰিছিল এটা “ক’ৰ’ণা ভাইৰাছ সজাগতা ভিডিঅ”। বৰ্তমান ভিডিঅ’টোৱে দৰ্শকৰ বহুল সঁহাৰি লাভ কৰিছে। প্ৰায় ২লাখতকৈও অধিক ভিউৱাৰচ লাভ কৰিছে উক্ত ভিডিঅ’টোৱে। ইয়াৰ উপৰিও মিনাংক ডেকাই সমাজ সংস্কাৰৰ বাবে বিভিন্ন গঠনমূলক কাম কৰাৰ লগতে দৰ্শকৰ ওচৰত তেওঁৰ নামটোৱে এতিয়া সুন্দৰ ৰূপত প্ৰতিষ্ঠা লাভ কৰিছে।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.