Rupaliparda.com
"চিকেন অমলেট" বনাই দেখুৱালে অভিনেত্ৰী তনভীয়েঃ 1

“চিকেন অমলেট” বনাই দেখুৱালে অভিনেত্ৰী তনভীয়েঃ

ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি বিচনাত উঠালৈ চাৰিওঁফালে প্ৰত্যেকজন লোকেই কেৱল এটাই নাম লোৱা দেখিবলৈ পোৱা গৈছে আৰু সেয়া হৈছে ক’ৰ’ণা ভাইৰাছ। সজাগ আৰু সচেতনতা এই ভাইৰাছ বিধ নিৰামূলৰ মূল ঔষধ বুলি জনাৰ পিছতেই এতিয়া কি সাধাৰণ জন আৰু কি চেলিব্ৰটীয়; সকলোৱে নিজৰ ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখি পৰিয়াল তথা নিজৰ সৈতে সময় অতিবাহিত কৰিছে। চীন,ইটালীত ভাইৰাছ বিধে সংহাৰী ৰূপ ধাৰণ কৰা পিছতেই ই বৰ্তমান ভাৰততো ক্ৰমশঃ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে WHO য়ে ইয়াক মহামাৰী আখ্যা দিছে। যোৱা দেওঁবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনোৱা “জনতা কাৰফিউ” ক সঁহাৰি জনোৱাও দেখিবলৈ পোৱা গ’ল জনসাধাৰণক। ইয়াৰ মাজতেই বহু চিলেব্ৰেটীয়ে কিতাপ পঢ়াৰ লগতে নিজৰ প্ৰিয় খাদ্যবিধ বনোৱাও দেখিবলৈ পোৱা গৈছে।


পূৰ্বে নিজৰ প্ৰিয় খাদ্যবিধ বনাই চচিয়েল মিডিয়াত আপলোড কৰিছিল বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী মালাইকা আৰো’ৰাই। ঠিক তেনেদৰে অসমৰ এগৰাকী অভিনেত্ৰী তনভীয়েও নিজৰ সৈতে সময় কটাই প্ৰস্তুত কৰিছে “চিকেন অমলেট”। প্ৰস্তুতকৰণত কি কি বস্তুৰ দৰকাৰ সেই আটাইবোৰৰ এটা এটাকৈ প্ৰশিক্ষণ দিছে অভিনেত্ৰী গৰাকীয়ে। উল্লেখ্য যে, অভিনয়ৰ লগতে নৃত্যৰ ক্ষেত্ৰতো এই গৰাকী অভিনেত্ৰীৰ নাম লেখত ল’বলগীয়া। চচিয়েল মিডিয়াত প্ৰায়ে একটিভ হৈ থকা এই গৰাকী অভিনেত্ৰীয়ে নিজ ব্যক্তিগত ইউটিউব চেনেলত মুকলি কৰিছে নিজ কন্ঠৰে গীত।

"চিকেন অমলেট" বনাই দেখুৱালে অভিনেত্ৰী তনভীয়েঃ 2
"চিকেন অমলেট" বনাই দেখুৱালে অভিনেত্ৰী তনভীয়েঃ 3


তনভী শৰ্মা বৰ্তমান ব্যস্ত তেওঁৰ আগন্তুক ছবি “দাদা তুমি দুষ্ট বৰ” ক লৈ। সমীৰ বুঢ়াগোঁহাইৰ দ্বাৰা নিৰ্মিত এই ছবিখনৰ চলিত মাহৰ ১২ তাৰিখৰ পৰা শ্বুটিং আৰম্ভ হৈছিল যদিও বৰ্তমান ক’ৰ’ণা ভাইৰাছৰ ফলত ইয়াক স্থগিত কৰা হৈছে।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.