প্ৰথমখন ছবিৰেই দৰ্শকৰ সমাদৰ লাভ কৰা এহচান মজিদৰ পৰিচালনাৰে আহিছে এখন অসমীয়া ছবি। ইখন-সিখনকৈ অহা অসমীয়া ছবিৰ মুক্তিয়ে অসমীয়া চলচিত্ৰপ্ৰেমী ৰাইজক উৎসাহিতও আছলতে নকৰা নহয়। মনপা ভাষাত নিৰ্মিত এহচান মজিদৰ ২০০৬ চনত মুক্তিপ্ৰাপ্ত ছবি “চোনম” ৰ জনপ্ৰিয়তাৰ পিছত এইবাৰ তেওঁৰ পৰিচালনাৰে সূদীৰ্ঘ বাৰ পিছত আহি আছে এখন নাৰীকেন্দ্ৰিক ছবি “পখিলাৰ পাখি(Wings Of Butterfly)”। কুমুদ দাসৰ বিখ্যাত গল্প “চপনীয়াৰ” কাহিনীভাগক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে উক্ত “পখিলাৰ পাখি” ছবিখন। চলিত মাহৰ ৪ তাৰিখে “18th Third Eye Asian Film Festival” ত এই ছবিখন প্ৰদৰ্শিত কৰা হয়। পৰিচালক এহচান মজিদে চচিয়েল মিডিয়া যোগে জনাইও দিয়ে যে ছবিখন চাবলৈ দৰ্শকৰ অসংখ্য ভিৰ দেখিবলৈ পোৱা গৈছিল।


নাৰী কেন্দ্ৰিক অসমীয়া ছবিয়ে পূৰ্বৰ পৰাই লাভ কৰি আহিছে দৰ্শকৰ সমাদৰ। অজলা-অৱলা, অসহায় ৰূপতো নাৰীক প্ৰতিফলিত কৰা হৈছে ছবিসমূহত। কিন্তু এইবাৰ এক নতুন “কনচেপ্ট” ৰে আহিছে এই অসমীয়া ছবি “পখিলাৰ পাখি (Wings of Butterfly)”। ছবিখনত মূল চৰিত্ৰ “পখিলা” ক এগৰাকী ধৰ্ষিতা ৰূপত দেখুওৱা হৈছে যিয়ে এই পুৰুষকেন্দ্ৰিক সমাজ খনত নিজৰ অধিকাৰৰ বাবে প্ৰত্যেকটো সময়ত সংগ্ৰাম কৰিবলগীয়া হয়। “পখিলা” ই কৃষি কৰ্মৰ সুবিধাৰ্থে এজন যুৱকক নিজ বাসগৃহত ঠাই দিয়ে আৰু ঘটনাক্ৰমে তেওঁলোক একেলগেই থাকিবলৈ লয়। কিন্তু, এই যুৱকজনে পিছলৈ এগৰাকী বিধৱাৰ বাবে “পখিলা” ক এৰি দিয়ে। বিধৱা গৰাকীৰ মৃত্যুৰ পিছত তেওঁ পুনৰ বাৰ “পখিলা” ৰ ওচৰলৈ ঘূৰি আহে যাতে তাই তেওঁৰ লগতে তেওঁৰ দুই সন্তানক আঁকোৱালি লয়। কিন্তু পখিলাই তেতিয়া কি কৰিব? ল’বনে আকৌ এবাৰ তেওঁক আঁকোৱালি?? এনে এক প্ৰশ্নৰ ভেঁটিতেই নিৰ্মাণ কৰা হৈছে এই ছবিখন।


অৰ্চনা ভট্টাচাৰ্য্যৰ দ্বাৰা প্ৰযোজিত এই ছবিখনত অভিনয় কৰিছে পাপৰি শইকীয়া (পখিলা), লনিস্মিতা কাশ্যপ (সৰুকালৰ পখিলা), জিতুমণি কলিতা (ফুলেশ্বৰ), প্ৰতিভা চৌধুৰী (কাঞ্চন বাই), কাজুৰি কোঁৱৰ (মালতী), আৰিয়ন বৰঠাকুৰ (মধু), আইতা সৰুমাই ফুকন (আইতা)। ছবিখনৰ গীতত সংগীতত সংগীত দিছে অৰ্চনা ভট্টাচাৰ্য্যই লগতে চিনোমেটো’গ্ৰাফাৰ হিচাপে কাম কৰিছে নাহিদ আহমেদে। ছবিখনৰ Vfx আৰু পোষ্টাৰ নিৰ্মাণ কৰিছে প্ৰিয়ম চক্ৰৱৰ্তীয়ে। চলিত বৰ্ষৰ ডিচেম্বৰ মাহত ছবিখন মুক্তি লাভ কৰাৰ ইংগিত দিয়ে পৰিচালক এহচান মজিদে।
1 comment