Rupaliparda.com
ফিটনেছ ভিডিঅ' শ্বেয়াৰ কৰি মুনমী ফুকনে দিছে ক'ৰ'ণা মেছেজঃ 1

ফিটনেছ ভিডিঅ’ শ্বেয়াৰ কৰি মুনমী ফুকনে দিছে ক’ৰ’ণা মেছেজঃ

কাইলৈ সন্ধিয়াৰ পৰা দেশত আৰম্ভ হৈছে “লক ডাউন”। জনসাধাৰণে এই সংহাৰী ভাইৰাছবিধৰ পৰা পৰিত্ৰাণ পাবলৈ নিজক আৱদ্ধ কৰি ৰাখিছে ঘৰৰ ভিতৰত। য’ত এনে সময়ত জনসাধাৰণক মনোৰঞ্জনৰ প্ৰয়োজন; তেনে সময়ত চচিয়েল মিডিয়াত বাৰুকৈয়ে একটিভ হৈ পৰিছে চিলেব্ৰেটীসমূহ। জিম বন্ধ হোৱা ফলত দীপিকাকে ধৰি শিল্পা চেট্টীয়ে ঘৰতে বহি কৰিছে ফিগাৰ মেইনটেইন; ঠিক একেদৰে ফিটনেছক লৈ অধিক চিন্তিত জলীউড চিলেব্ৰেটীও। কিছুদিন পূৰ্বে ৰৱি শৰ্মাক ঘৰৰ গেৰেজটোকেই জিম ৰূপে ব্যৱহাৰ কৰা দেখিবলৈ গৈছিল আৰু ইয়াৰ পিছতেই নিজৰ ব’ডিক লৈ সচেতন হৈ পৰিছে অভিনেত্ৰী মুনমী ফুকনো। পূৰ্বতেও তেওঁ বিভিন্ন ফিটনেছ ভিডিঅ’ ইনষ্টাগ্ৰাম যোগে শ্বেয়াৰ কৰিছে যদিও এইবাৰ এক মেছেজৰ সৈতে তেওঁ শ্বেয়াৰ কৰে নিজ ফিটনেছ ভিডিঅ’।

https://www.instagram.com/p/B-HFPvinQmu/?utm_source=ig_web_copy_link
ফিটনেছ ভিডিঅ' শ্বেয়াৰ কৰি মুনমী ফুকনে দিছে ক'ৰ'ণা মেছেজঃ 2


নাগালেণ্ডত জন্মগ্ৰহণ কৰা এইগৰাকী অভিনেত্ৰীয়ে দ্বিতীয় শ্ৰেণীত পঢ়ি থকা সময়ত শিৱসাগৰলৈ আহি আগন্তুক শিক্ষা গ্ৰহণ কৰে। “সন্মিলিত নিমাইজান হুঁচৰি দল” ত বিহু নচা এই গৰাকী অভিনেত্ৰীক “জোনবাই” ভিচিডিৰ চাৰিওটা সংস্কৰণত বেকগ্ৰাউণ্ড ডেন্সাৰ ৰূপে সকলো দৰ্শকে দেখিছে। ২০১২ চনত মুনমী ফুকন ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ সৈতে জড়িত হৈ পৰে; বৃন্দাবন থিয়েটাৰৰ পৰা তেওঁ এই থিয়েটাৰ ক্ষেত্ৰখনত সোমাই পৰে।

ফিটনেছ ভিডিঅ' শ্বেয়াৰ কৰি মুনমী ফুকনে দিছে ক'ৰ'ণা মেছেজঃ 3


ৰ’দ”, “তুমি আহিবানে”, “ৰামধেনু” আদি ছবিৰ লগতে “অনুৰাধা” ধাৰাবাহিকত অভিনীত মুনমী ফুকনে অসমীয়া কেইবাটাও গীতত অভিনয় কৰিছে। বৰ্তমানেও তেওঁক দুখনকৈ ধাৰাবাহিক ক্ৰমে “দুটি মনৰ জোনাক” আৰু “নিবিড় ওৱেডচ নয়না” ত দৰ্শকে দেখিবলৈ পায়।

Add comment

Leave a Reply