Rupaliparda.com
ঘৰত আৱদ্ধ হৈ থকা সময়ছোৱাত জেৰিফা ৱাহিদে কৰিছে অতীত ৰোমন্থনঃ 1

ঘৰত আৱদ্ধ হৈ থকা সময়ছোৱাত জেৰিফা ৱাহিদে কৰিছে অতীত ৰোমন্থনঃ

আগন্তুক ২১দিনলৈ দেশৰ সমগ্ৰ জনসাধাৰণ থাকিব লাগিব ঘৰৰ ভিতৰত। ক’ৰ’ণাক পৰাস্ত কৰিবলৈ দেশৰ সকলো জনসাধাৰণে ইজনে আনজনৰ পৰা ৰাখিব লাগিব সামাজিক দূৰত্ব। এই ঘোষণাৰ পিছতে বিভিন্ন জনে বিভিন্ন ধৰণে সঁহাৰি আগবঢ়াইছে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক। ঘৰতে আৱদ্ধ হৈ থকা এইখিনি সময়তে এতিয়া বহু চিলেব্ৰটীয়ে ব’ডি ফিটনেছৰ বাবে প্ৰেকটিছ কৰাৰ লগতে একাংশ তাৰকাই কৰিছে অতীত ৰোমন্থন। অসমীয়া জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদে “ক’ৰ’ণা ভাইৰাছ” ত আৱদ্ধ হৈ থকা এই দিনকেইটাত অতীত ৰোমন্থন কৰিছে। তেওঁ অভিনীত এখন পূৰণি ছবিৰ এলবাম উলিয়াই তেওঁ ইনষ্টাগ্ৰাম যোগে এক ভিডিঅ’ আপলোড কৰে।

View this post on Instagram

Directed by #rajnibasumatary

A post shared by Zerifa Wahid (@zerifa_wahid) on


১৯৯০ চনত মুক্তিপ্ৰাপ্ত “অভিমান” ৰ দ্বাৰা নিজ অভিনয় জীৱনৰ আৰম্ভণি কৰা এই গৰাকী অভিনেত্ৰীয়ে অসমীয়া বহু কেইখন ছবিতে ৰূপায়ন কৰিছিল মূখ্য চৰিত্ৰ। ইয়াৰ ভিতৰত “ৰাগঃ দা ৰিদম অৱ লাভ” আছিল এখন উল্লেখ্যনীয় ছবি। ২০১৪ চনত মুক্তিপ্ৰাপ্ত এই অসমীয়া ছবিখন কেইবাগৰাকীও জনপ্ৰিয় অসমীয়া শিল্পীৰ অভিনয়েৰে নিৰ্মিত কৰা হৈছিল। ৰজনী বসুমতাৰীৰ কাহিনী, চিত্ৰনাট্য তথা পৰিচালনাৰে নিৰ্মিত এই ছবিখন মুক্তি লাভ কৰিছিল ২০১৪ চনত।

ঘৰত আৱদ্ধ হৈ থকা সময়ছোৱাত জেৰিফা ৱাহিদে কৰিছে অতীত ৰোমন্থনঃ 2


কেইবাটাও ভিন্ন ক্ষেত্ৰত পাৰ্গত চৰিত্ৰৰ সৈতে আগবঢ়োৱা হৈছে ছবিখনৰ কাহিনীভাগ। এগৰাকী শাস্ত্ৰীয় কন্ঠশিল্পী, এজন চিত্ৰশিল্পী, বেচৰকাৰী খণ্ডত কৰ্মৰত এগৰাকী বিষয়া লগতে এজন বাঁহীবাদকৰ জীৱনযাত্ৰা তথা জীৱন দৰ্শনৰ কাহিনীৰে আৰম্ভ কৰা হৈছে ছবিখনৰ কাহিনীভাগ।

ঘৰত আৱদ্ধ হৈ থকা সময়ছোৱাত জেৰিফা ৱাহিদে কৰিছে অতীত ৰোমন্থনঃ 3


দিল্লীৰ বিভিন্ন লোকেশ্বনত চিত্ৰগৃহণৰ কাম সম্পন্ন হোৱা এই ছবিখনত অভিনয় কৰিছে আদিল হুছেইন, জেৰিফা ৱাহিদ, কেনী দেউৰী বসুমতাৰী আৰু কপিল বৰাই। অসম চলচিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ প্ৰযোজনাৰ এই ছবিখনত সংগীত পৰিচালক হিচাপে কাম কৰিছে অৱিনাশ ৱাঘেলে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform