Rupaliparda.com
ঘৰতে আৱদ্ধ থকাৰ প্ৰাৰ্থনা ৰবি শৰ্মা ও আইমী বৰুৱাৰঃ 1

ঘৰতে আৱদ্ধ থকাৰ প্ৰাৰ্থনা ৰবি শৰ্মা ও আইমী বৰুৱাৰঃ

দেশৰ এনে গম্ভীৰ অৱস্থাত বৰ্তমান সকলো মানুহেই চেষ্টা কৰিছে সজাগ আৰু সচেতন হৈ থকাৰ। অতি প্ৰয়োজন নহ’লে ঘৰৰ পৰা এখোজ বাহিৰ দিবলৈও ভয় খাইছে জনসাধৰণে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন অনুসৰি আগন্তুক ২১ টা দিনলৈ দেশৰ জনসাধাৰণ থাকিব লাগিব ঘৰৰ ভিতৰত। এনে ক্ষেত্ৰত ৰাইজক আকৌ এবাৰ নিজ কথাৰে প্ৰভাৱিত কৰিবলৈ আগবাঢ়ি আহিছে চিলেব্ৰেটীসকলো। বিভিন্ন ফটো ও ভিডিঅ’ শ্বেয়াৰ কৰি জনসাধাৰণক নিজৰ কথা ব্যক্ত কৰাৰ চেষ্টা কৰিছে এইসকল শিল্পীয়ে। বাহিৰলৈ ওলাই মনোৰঞ্জন কৰোৱাব নোৱাৰিলেও ভিতৰতে থাকি দৰ্শকৰ সৈতে পাৰ্যমানে মত বিনিময়ৰ চেষ্টা কৰিছে অসমীয়া শিল্পী সকলে।


ৰবি শৰ্মাই চচিয়েল মিডিয়াত লাইভ আহি অনুৰাগী সকলৰ সৈতে কথা পতাৰ উপৰিও “ক’ৰ’ণা ভাইৰাছ”ক উদ্দেশ্যি ল’বলগীয়া সাৱধানতা বোৰৰ বিষয়েও তেওঁ জনায় দৰ্শকক। তেওঁ নিজে কেনেদৰে পৰিয়ালৰ লগত সময় অতিবাহিত কৰিছে লগতে কেনেদৰে জিম নথকা স্বত্বেও ঘৰতে প্ৰেকটিচ আৰম্ভ কৰিছে সেই আটাইবোৰ তেওঁ লাইভ যোগে দৰ্শকক জানিবলৈ দিয়ে। আনহাতে, কোনো এজন অনুৰাগীয়ে যেতিয়া তেওঁক তেওঁৰ আগন্তুক ছবিখনৰ বিষয়ে সোধে তেতিয়া অভিনেতাগৰাকীয়ে জনাই যে, চলিত বৰ্ষৰ ৯ অক্টোবৰত তেওঁলোকে “ৰঘুপতি” মুক্তিৰ কথা ভাৱিছিল যদিও ছবিখনৰ এটা খণ্ড এতিয়ালৈ শ্বুট কৰিব পৰা নাই।

https://www.instagram.com/p/B-JIU_rJoM_/?utm_source=ig_web_copy_link


ইয়াৰ উপৰিও, অভিনেত্ৰী আইমী বৰুৱাইও এক ভিডিঅ’ যোগে জনসাধাৰণক ঘৰৰ ভিতৰতে থকাৰ আহ্বান জনায়। ইয়াৰ পূৰ্বেও অভিনেত্ৰী গৰাকীয়ে নিজ পৰিয়ালৰ লগত সময় কটোৱা বিভিন্ন ফটো চচিয়েল মিডিয়া যোগে পোষ্ট কৰিছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform