Rupaliparda.com
"ক'ৰ'ণা" ৰ সময়ছোৱাত ফিটনেছ ভিডিঅ' শ্বেয়াৰ অমিতাভ বচ্চন ও অনিল কাপুৰৰঃ 1

“ক’ৰ’ণা” ৰ সময়ছোৱাত ফিটনেছ ভিডিঅ’ শ্বেয়াৰ অমিতাভ বচ্চন ও অনিল কাপুৰৰঃ

অমিতাভ বচ্চন আৰু অনিল কাপুৰ বলীউডৰ এনে দুজন অভিনেতা, যাৰ অভিনয়ে সমাদৰ লাভ কৰাৰ লগতে তেওঁলোকৰ ফিটনেছেও দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। বৰ্তমান ক’ৰ’ণা ভাইৰাছৰ ফলত য’ত লোক সকলক ঘৰৰ পৰা বাহিৰ ওলোৱাত বাধা প্ৰদান কৰা হৈছে তেনে সময়তে চিলেব্ৰেটী সকলে ঘৰতে থাকি কচৰৎ কৰা দেখিবলৈ পোৱা গৈছে। এইকেইটা দিনত বলীউড তাৰকা হয়টো কিতাপ পঢ়ি সময় কটাইছে অথবা ঘৰতে বহি খাদ্য বনায় সময় কটাইছে; ঠিক এনে সময়তে বলীউডৰ মহানায়ক, বিগ-বি অমিতাভ বচ্চনে এখন ফটো শ্বেয়াৰ কৰে।

https://www.instagram.com/p/B-HFCALhFLJ/?utm_source=ig_web_copy_link


আছলতে, ফটোখনৰ পৰাই ধৰিব পৰা গৈছে যে মহানায়ক গৰাকীয়ে নিজকে ফিট ৰখাৰ বাবে কিমান কষ্ট কৰে। ইয়াৰ লগতে, সদায় নিজৰ ফিটনেছ আৰু ৰূপেৰে দৰ্শকক আচম্বিত কৰা অভিনেতা অনিল কাপুৰেও এক ভিডিঅ’যোগে দৰ্শকক দেখুৱাইছে নিজ ফিটনেছ। তেওঁ ভিডিঅ’টোত কেপছন দিছে যে, “ৱৰ্কআউটৰ পৰা পলোৱাৰ প্ৰশ্নই নাহে যেতিয়া ট্ৰেইনাৰ মোৰ লগত থাকে”। অনিল কাপুৰৰ এই ভিডিঅ’টোত এতিয়া সঁহাৰি জনাইছে তেওঁৰ বহু অনুৰাগীয়ে।


আপোনালোকক জনাই থওঁ যে, অমিতাভ বচ্চনক আগন্তুক সময়ত দেখিবলৈ পোৱা যাব “ঝুণ্ড”, “গোলাব চিতাব”, “চেহৰে” তথা ব্ৰহ্মাস্ত্ৰ আদিৰ দৰে বলীউডৰ কেইবাখনো প্ৰত্যাশিত ছবিত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform