Rupaliparda.com
মৃণাল ডেকাৰ "মঙহ দহাৰ গোন্ধ"- থাকিব মাতৃৰ জীৱন-গাঁথাঃ 1

মৃণাল ডেকাৰ “মঙহ দহাৰ গোন্ধ”- থাকিব মাতৃৰ জীৱন-গাঁথাঃ

সাম্প্ৰতিক সময়ছোৱাত কেৱল “ক’ৰ’ণা ভাইৰাছ” ৰ সন্ত্ৰাস জনসাধাৰণে অনুভৱ কৰিছে। বেয়া খবৰ বোৰেই যেন বাট ভেঁটিছে নতুন ভাল খবৰবোৰক। কিন্তু কোৱা হয় নহয়; বেয়া যিমানেই শক্তিশালী নহওঁক কিয়; জয় হেনো এদিন হ’লেও ভালৰ হোৱাটো নিশ্চিত। ঠিক তেনেদৰেই; অসমবাসীয়ে আশা কৰা অনুযায়ী আমি এদিন “ক’ৰ’ণা ভাইৰাছ” ক হৰুৱাবলৈ সক্ষম হ’ম। এইখিনিতে, আমি আপোনালোকলৈ লৈ আনিছো এক আন খবৰহে। অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি নিৰ্মাণৰ সমান্তৰালকৈ নিৰ্মাণ কৰা হৈছে অসমীয়া চুটি ছবিও। পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ দৰেই ই ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিবলৈ সক্ষম হৈছে সমাদৰ। এনে ধৰণৰ সফল মানসিকতাৰে মৃণাল ডেকাৰ পৰিচালনাৰে নিৰ্মাণ কৰা হৈছে এখন চুটি ছবি “মঙহ দহাৰ গোন্ধ”।

মৃণাল ডেকাৰ "মঙহ দহাৰ গোন্ধ"- থাকিব মাতৃৰ জীৱন-গাঁথাঃ 2


মুম্বাইৰ চেনেল &TV ত সম্প্ৰচাৰ হোৱা “পূৰ্ণঅৱতাৰ কৃষ্ণ” আৰু ৰং চেনেলত সম্প্ৰচাৰিত কেইবাখনো ধাৰাবাহিকৰ সহঃ পৰিচালকৰ দায়িত্বত থকাৰ উপৰিও আগন্তুক অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি “উল্কা” আৰু “দাদা তুমি দুষ্ট বৰ” ৰ সহঃপৰিচালক মৃণাল ডেকাৰ দ্বাৰা নিৰ্মিত এই চুটি ছবিখন আৰতি ৰিলচৰ বেনাৰত প্ৰযোজনা কৰিছে আৰতি ৰিলছে আৰু সহঃপ্ৰযোজনা কৰিছে উষামণি গোস্বামীয়ে। “উল্কা” ৰ স্ক্ৰীপ্ট ৰাইটাৰ মানস সাগ্ৰাৰ কাহিনী তথা সংলাপ থকা “মঙহ দহাৰ গোন্ধ” ত এগৰাকী মাতৃৰ দুখ-দূৰ্দশা ও দুটা সন্তানক লৈ হোৱা কষ্টকৰ জীৱন যাত্ৰাক প্ৰতিফলিত কৰা হৈছে।

মৃণাল ডেকাৰ "মঙহ দহাৰ গোন্ধ"- থাকিব মাতৃৰ জীৱন-গাঁথাঃ 3
মৃণাল ডেকাৰ "মঙহ দহাৰ গোন্ধ"- থাকিব মাতৃৰ জীৱন-গাঁথাঃ 4


জানিব পৰা মতে, উক্ত কাহিনীভাগ আগুৱাই নিছে এগৰাকী শিশু শিল্পী আদৱিক পি গগৈয়ে। পোন প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখীন হোৱা এই শিশুটোৰ আশে-পাশে ঘূৰিছে এই চুটি ছবিখনৰ কাহিনীভাগ। ইয়াত আন এক মূখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰণামী বৰাই। লগতে, বদলাৰয়্যণ সিনহা তথা শিশু শিল্পী আদ্ৰিতী পি গগৈকো দেখিবলৈ পোৱা যাব চুটি ছবিখনত। বৰ্তমান সম্পাদনা আৰু সংগীতৰ কাম চলি থকা এই চুটি ছবিখনত সংগীত দিছে ইবচন লাল বৰুৱাই লগতে চাউণ্ড ডিজাইনাৰৰ দায়িত্বত আছে দেৱজিৎ গায়ন আৰু ইয়াৰ সহঃ পৰিচালক হৈছে সত্যজিৎ লগতে নুপূৰ বৰুৱা। ডি.আই কালাৰিষ্ট ৰূপে আছে অসীম শৰ্মা আৰু ইয়াত চিনেমেটো’গ্ৰাফী কৰিছে বিতুল দাসে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform