“লক ডাউন” ৰ আজি অষ্টমটো দিন। প্ৰত্যেকজন জনসাধাৰণৰ মনত সৃষ্টি “ক’ৰ’ণা” ৰ ভয়ে বৰ্তমান সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে। বিগত কেইবাদিনো ধৰি সাধাৰণজনে ঘৰতে সোমাই সময় অতিবাহিত কৰিছে। এইকেইদিনত কোনোৱে যদি ছবি আঁকিছে, কোনোবাই আকৌ কিতাপ পঢ়ি নহ’লে গীত গাই, নৃত্য কৰি সময় কটাইছে। ইয়াৰ পৰা কিন্তু আঁতৰি ৰোৱা নাই শিল্পী সকলো। প্ৰত্যেকেই বিভিন্ন ধৰণে নিজক ব্যস্ত ৰাখি চচিয়েল মিডিয়াত আপলোড কৰিছে বিভিন্ন ফটো ও ভিডিঅ’। এইবাৰ আকৌ অসমৰ কোনো শিল্পী নহয়; তেওঁৰ ফেন ক্লাৱে হাতত লৈছে দৰ্শকক মনোৰঞ্জনৰ কৰোৱাৰ প্ৰচেষ্টা। হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ফেন ক্লাৱ মাজুলীৰ উদ্যোগত আয়োজন কৰা হৈছে এনে প্ৰতিযোগিতাৰ।

এই প্ৰতিযোগিতাত থাকিব জুবিন গাৰ্গৰ প্ৰতিচ্চবি অংকন লগতে তেওঁৰ গীত পৰিৱেশন। উক্ত দুয়োখন প্ৰতিযোগিতাত অসমৰ বিভিন্ন ঠাইৰ লোকে অংশগ্ৰহণ কৰিব পৰাৰ উপৰিও ইয়াত অংশগ্ৰহণৰ বাবে নাথাকিব কোনো বয়সৰ সীমা। প্ৰথম পৰ্যায়ৰ অনুষ্ঠিত এই দুয়ো প্ৰতিযোগিতাৰ পৰা বাচনি কৰা হ’ব ১০ জন প্ৰতিযোগীক আৰু তেওঁলোকৰ মাজত আন এক চুড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত কৰি শ্ৰেষ্ঠ তিনি বিজয়ীক প্ৰদান কৰিব নগদ টকাৰ ধন। এই গীত সমূহ তথা চিত্ৰাংকনবোৰ পঠিয়াবৰ বাবে শেষ তাৰিখটো হৈছে ১৫ এপ্ৰিল। ইয়াৰ উপৰিও আয়োজিত আন এখন ছবি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে পঞ্চম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত।

উক্ত ফেন ক্লাৱটোৰ এনে প্ৰচেষ্টাত বৰ্তমান সঁহাৰি জনাইছে প্ৰত্যেক দৰ্শকে। আছলতে, জনসাধাৰণক ব্যস্ত কৰি ৰাখিবলৈ ইয়াতকৈ আৰু ভাল প্ৰচেষ্টা কি হ’ব পাৰে। এইখিনিতে, আপোনালোকক জনাই থওঁ যে; যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ শিল্পী জুবিন গাৰ্গ মুম্বাইত থকা স্বত্বেও তেওঁ ইতিমধ্যে অসম চৰকাৰলৈ আগবঢ়াইছে ১ লাখ টকাৰ অনুদান।
Add comment