২১দিনীয়া “লক-ডাউন” ৰ ফলত জনসাধাৰণ গোট খাব পৰা প্ৰত্যেকটো অনুষ্ঠান বন্ধ কৰি দিয়া হৈছিল। স্কুল, কলেজৰ পৰা আদি কৰি বন্ধ কৰি দিয়া হৈছিল ছবি তথা ধাৰাবাহিক সমূহৰো শ্বুটিং ল। ফলত চেনেল সমূহত কিছু জনপ্ৰিয় ধাৰাবাহিকৰ পুনৰাবৃত্তি কৰা হৈছে। মানুহখিনিক নিতৌ মনোৰঞ্জন প্ৰদানৰ স্বাৰ্থত দূৰদৰ্শনতো সম্প্ৰচাৰ কৰা হৈছে ৰামায়ণ, মহাভাৰত লগতে শক্তিমান আদিৰ দৰে পূৰণি কেইবাখনো জনসাধাৰণৰ মন পচন্দৰ ধাৰাবাহিক। আছলতে, ইয়াৰ পুনঃ সম্প্ৰচাৰক লৈ সাধাৰণকো উৎসাহিত হোৱা দেখিবলৈ পোৱা গৈছিল।

উল্লেখ্য যে, দূৰদৰ্শনত সম্প্ৰচাৰিত ৰামায়ণৰ টি.আৰ.পিয়ে বৰ্তমান আকাশ চুইছে; এইকথা নিজ মুখে ব্যক্ত কৰে প্ৰচাৰ ভাৰতীৰ চি.ই.অ শশী শেখৰে। তেওঁ টুইট কৰি কয় যে, “বিগত ২০১৫ চনৰ পৰা আটাইতকৈ টি.আৰ.পি অহা ধাৰাবাহিকখনেই হৈছে “ৰামায়ণ”। পূৰণি এই “ৰামায়ণ” খনক লৈ এতিয়াও দৰ্শকৰ মাজত উৎস্যুকতাই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে।

ইয়াত ৰামৰ চৰিত্ৰ ৰূপায়ন কৰিছে অৰুণ গৱিল, সীতাৰ চৰিত্ৰত আছিল দীপিকা চিখালিয়া, অৰৱিন্দ ত্ৰিৱেদীয়ে ৰূপায়ন কৰিছিল ৰাৱণৰ চৰিত্ৰ আৰু লক্ষ্মণৰ চৰিত্ৰত আছিল সুনীল লহৰী।
Add comment