Rupaliparda.com
"কভিড ১৯" ৰ পৰা আঁতৰি আইমী বৰুৱা-মুনমী ফুকনৰ কিছু শিক্ষাঃ 1

“কভিড ১৯” ৰ পৰা আঁতৰি আইমী বৰুৱা-মুনমী ফুকনৰ কিছু শিক্ষাঃ

“লক-ডাউন” ৰ এই দীঘলীয়া স্তদ্ধ সময়সীমাত সাধাৰণজনে নিজ ইচ্ছানুযায়ী পৰা নাই ক’লৈকো যাবলৈ তথা ইচ্ছানুসাৰে পৰা নাই খাদ্য গ্ৰহণ কৰিবলৈ। চাৰিওফালে স্তদ্ধ জীৱনযাত্ৰা; সকলোৱে এই সংকটৰ সময়ছোৱাক কেৱল মাত্ৰ আঁতৰাবলৈ চেষ্টা কৰিছে। এনেক্ষেত্ৰত য’ত কিছুলোকে দিছে হেল্থ টিপচ; আনহাতে সজাগ আৰু সচেনতনতাৰ আহ্বান জনাইছে একাংশই। নিতৌ বিভিন্ন ফটো তথা ভিডিঅ’ৰে দৰ্শকক মনোৰঞ্জন কৰোৱা আইমী বৰুৱাই ইতিমধ্যে “অসম আৰোগ্য নিধি” লৈ আগবঢ়াইছে এক লাখ টকাৰ অনুদান আৰু নিতৌ চচিয়েল মিডিয়াত জনসাধাৰণক শাৰিৰীক ভাৱে সুস্থ থকাৰ শিক্ষা দিছে অভিনেত্ৰী মুনমী ফুকনে।


অভিনেত্ৰী আইমী বৰুৱাই তেওঁৰ ঘৰতে বিভিন্ন ধৰণে পাচলি ৰুই ঘৰুৱা শাক-পাচলিৰ সোঁৱাদ লোৱাৰ উপৰিও ঘৰতে থকা নাৰিকল গছৰ ডাব নাৰিকলৰ পানীয় খাই দেহক সতেজ ৰখাৰ চেষ্টা কৰিছে। তেওঁ এটা পোষ্টযোগে তেওঁৰ সমষ্ট জনসাধাৰণকো প্ৰকৃতি তথা গছ-গছনি ৰুই তেওঁলোকক মৰম দিবলৈ আহ্বান জনায় তেতিয়াহে প্ৰকৃতিয়ে প্ৰতিদান দিয়াৰ কথা উল্লেখ কৰে অভিনেত্ৰী গৰাকীয়ে। আনহাতে, অভিনেত্ৰী মুনমীয়ে বিভিন্ন কচৰৎৰ নিয়ম দেখুৱাই আনকো শাৰিৰীক ভাৱে সুস্থ ৰখাৰ আহ্বান জনায়। শ্বুটিঙ সমূহ বন্ধ ৰখাৰ ফলত শিল্পীসমূহে বিভিন্ন ধৰণে জনসাধাৰণক মনোৰঞ্জন কৰোৱাৰ প্ৰচেষ্টা চলাইছে।


দেশৰ এনে সংকটৰ সময়ছোৱাত প্ৰত্যেকজন জনসাধাৰণৰ লগতে সক্ৰিয় ৰূপে থিয় দিছে বৰ্তমান অসমীয়া শিল্পী সমূহেও। আইমী তথা মুনমীয়ে চচিয়েল মিডিয়াত দৈনন্দিন দিয়া একোটা পোষ্টত কেপছনেৰে দৰ্শকক কিছু কথা শিকোৱাৰ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform