Rupaliparda.com
"জেস্সী" ক লৈ আকৌ আহি আছে মনা সিংঃ 1

“জেস্সী” ক লৈ আকৌ আহি আছে মনা সিংঃ

“ক’ৰ’ণা ভাইৰাছ” ৰ ফলত চাৰিওফালে এক স্তদ্ধতাই বিৰাজ কৰিছে। ভাৰতত যদিও এফালে চিন্তা দেখিবলৈ পোৱা গৈছে; আনফালে আকৌ বহু লোকে নিজৰ পূৰণি স্মৃতি ৰোমন্থন কৰিছে। সেইবাবেই দূৰদৰ্শনত “ৰামায়ণ” তথা “মহাভাৰত” আদিৰ পুনঃসম্প্ৰচাৰ কৰি দৰ্শকক মনোৰঞ্জন কৰোৱা হৈছে। গতিকে, এনেপৰিপ্ৰেক্ষিততে; এইবাৰ হিন্দী চেনেল চনীত সম্প্ৰচাৰ কৰা হ’ব এখন পূৰণি জনপ্ৰিয় ধাৰাবাহিক। ২০০৩ চনত সম্প্ৰচাৰিত “জেস্সী জেসি কৌই নহী” শীৰ্ষক ধাৰাবাহিকখন আকৌ এবাৰ সম্প্ৰচাৰ কৰা হ’ব চনীত। এইখন ধাৰাবাহিকত মনা সিঙে ডেবিউ কৰিছিল; সংকটৰ সময়ছোৱাত দৰ্শকক অকণমান হাঁহিৰ অৱকাশ দিবলৈ আৰম্ভ কৰা হৈছে কমেডী ধাৰাবাহিক সমূহ।

"জেস্সী" ক লৈ আকৌ আহি আছে মনা সিংঃ 2


স্পটবয়ৰ ৰিপোৰ্টনুসৰি, এই ধাৰাবাহিক খন পুনঃ সম্প্ৰচাৰ কৰা হ’ব। এগৰাকী সাধাৰণ ছোৱালীয়ে নিজৰ জ্ঞানৰ ভিত্তিত এটা ফেশ্বন কোম্পানীত কাম কৰি বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈও সুফল হ’বলৈ সক্ষম হয়। এনে এক কাহিনীৰেই হৈছে “জেস্সী জেসি কৌই নহী”। মনা সিঙৰ বাহিৰেও এই ধাৰাবাহিকখনত অভিনয় কৰিছিল অপূৰ্ব অগ্নিহোত্ৰী, গৌৰৱ গেৰা, বীৰেন্দ্ৰ সকসেনা আৰু পৰমিত সেঠীয়ে।

"জেস্সী" ক লৈ আকৌ আহি আছে মনা সিংঃ 3


উল্লেখ্য যে, পুনঃসম্প্ৰচাৰৰ ফলত ধাৰাবাহিক সমূহৰ টি.আৰ.পি আকাশ চুইছে। কিছুদিন পূৰ্বে “দূৰদৰ্শন” ৰ টি.আৰ.পি ৰ বিষয়ে প্ৰচাৰ ভাৰতীৰ চি.ই.অ শশী শেখৰে কয় যে, “বিগত ২০১৫ চনৰ পৰা আটাইতকৈ টি.আৰ.পি অহা ধাৰাবাহিকখনেই হৈছে “ৰামায়ণ।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.